সাংবাদিক সুলভ শ্রীবাস্তৱৰ ৰহস্যজনক মৃত্যুৰ চিবিআই তদন্তৰ দাবী কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ

quint hindi 2021 06 68b92578 dec2 44ee a8ea 96ef881660a5 salabh

সাংবাদিক সুলভ শ্রীবাস্তৱৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত মঙলবাৰে যোগী আদিত্যনাথক পত্ৰ লিখি চিবিআই তদন্তৰ দাবী জনালে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে ।

অবৈধ সুৰা বিক্ৰী কৰা প্ৰতিবেদন দিয়াৰ বাবে মৃত্যুৰ ভাবুকি পাইছিল “এবিপি গঙ্গা’ৰ প্ৰতাপগড় জিলাৰ প্ৰতিনিধি সুলভে । তাৰ পাছত দেওবাৰে নিশা উদ্ধাৰ হয় সুলভৰ মৃতদেহ ।

উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগীলৈ লিখা এখন হিন্দী পত্ৰত প্ৰিয়ংকাই অভিযোগ কৰে যে, সুৰা মাফিয়া আৰু প্ৰশাসনৰ সম্পৰ্ক ৰাজ্যজুৰি বিয়পি পৰিছে । তেওঁ এই চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ দাবী জনাইছে ।

পত্ৰখনত, প্ৰিয়ংকাই শীঘ্ৰেই সুলভৰ পৰিয়ালৰ ওচৰত আৰ্থিক সাহায্যৰ বাবে আবেদন জনায় ।

১২ জুনত প্ৰয়াগৰাজে জোনৰ এডিজিলৈ লিখিছিল যে সুৰা মাফিয়াসকলৰ অবৈধ ব্যৱসায়ৰ প্ৰতিবেদন দিবলৈ তেওঁৰ ওপৰত দায়িত্ব অৰ্পণ কৰা হৈছে । সেয়ে তেওঁ নিজৰ আৰু তেওঁৰ পৰিয়ালৰ সুৰক্ষাৰ বিষয়ে চিন্তিত ।

প্ৰিয়ংকাই যোগীলৈ লিখা পত্ৰত এই বিষয়টো উল্লেখ কৰিছে । আৰক্ষীক পত্ৰ দিয়াৰ পাছদিনা দেওবাৰে নিশা প্ৰতাপগড়ত সুলভৰ মৃতদেহ উদ্ধাৰ কৰা হয় । মৃতদেহৰ কাষত সাংবাদিকজনৰ মটৰচাইকেলখন পৰি আছিল ।

আৰক্ষীয়ে কয় যে সুলভৰ মটৰচাইকেলে নিয়ন্ত্ৰণ হেৰুৱাই আৰু ৰাস্তাৰ কাষত এটা টিউবৱেলত খুন্দা মাৰে । যাৰ ফলত সুলভ বাইকৰ পৰা ছিটিকি পৰি প্ৰাথমিকভাৱে আঘাত প্রাপ্ত হয় ।

কিন্তু সুলভক ভাবুকি দি আৰু হত্যাৰ অভিযোগত অচিনাক্ত দুৰ্বৃত্তৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে সুলভৰ পত্নীয়ে । আৰক্ষীয়ে সোমবাৰে হত্যাৰ এটা গোচৰ ৰুজু কৰিছিল ।

সুলভৰ ৰহস্যজনক মৃত্যুক লৈ বিৰোধীয়ে যোগী চৰকাৰক লক্ষ্য কৰি লৈছে । আনকি প্ৰতাপগড়ৰ বিজেপি সাংসদ সঙ্গমলাল গুপ্তাইও প্ৰশ্ন কৰিছে । এছপি নেতা অখিলেশ যাদৱে সোমবাৰে গোটেই বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায় ।

Exit mobile version