ওদালগুৰিত প্ৰাক্তন এনডিএফবিৰ সংবাদমেল, প্ৰকৃত কেডাৰসকল বঞ্চিত হ’লে পুনৰ জংঘললৈ যাবলৈ বাধ্য হ’ব

WhatsApp Image 2021 06 17 at 6.12.38 PM

“চৰকাৰৰ হাতত থকা প্ৰাক্তন এনডিএফবি কেডাৰসকলৰ নাম চৰকাৰখনে ৰাজহুৱা কৰক । জাতিৰ হকে সংগ্ৰাম কৰা প্ৰতিজন প্ৰাক্তন এনডিএফবি কেডাৰৰ নাম চৰকাৰৰ তালিকাত অন্তৰ্ভুক্ত হ’ব লাগে । লগতে যদি অন্য কোনো লোকৰ নাম এই তালিকাত অন্তৰ্ভুক্ত হৈছে, তেন্তে তেওঁলোকৰ নাম তালিকাৰ পৰা কৰ্তন কৰা যাওক । চৰকাৰৰ তালিকা তথা চৰকাৰী সা-সুবিধাৰ পৰা প্ৰকৃত কেডাৰসকল বঞ্চিত হ’লে পুনৰ জংঘললৈ যাবলৈ বাধ্য হ’ব তেওঁলোক। ইয়াৰ বাবে কোন দায়ী হব ?” এই মন্তব্য প্ৰাক্তন এনডিএফবিৰ সহকাৰী সাধাৰণ সম্পাদক বি. বৈহৈবৈথাৰ ।

তৃতীয় বড়ো শান্তি চুক্তি সম্পন্ন হোৱাৰ প্ৰায় ডেৰ বছৰ উকলি যোৱাৰ সময়তো চুক্তি অনুসৰি প্ৰাক্তন এনডিএফবি কেডাৰসকলৰ সংস্থাপনকে ধৰি আন আন প্ৰতিশ্ৰুতি পালন নকৰাত বৰ্তমান ভাগি পৰিছে সেইসকল কেডাৰ । আজি ওদালগুৰিৰ গৌমৈ হোটেলত প্ৰাক্তন এনডিএফবি কেডাৰসকলে এক সংবাদমেল সম্বোধন কৰে । সংবাদমেলত উপস্থিত থাকি প্ৰাক্তন এনডিএফবি নেতা বি. বৈহৈবৈথাৰে কয়, “চলিত জুন মাহৰ সাত আৰু ১৪ তাৰিখে বিটিআৰ চুক্তিৰ স্বাক্ষৰকাৰীসকলৰ স’তে চৰকাৰে বৈঠকত মিলিত হৈছিল । কিন্তু আশ্বৰ্যজনকভাৱে উক্ত দুয়োখন বৈঠকৰ পৰা বঞ্চিত হ’বলগীয়া হয় চুক্তিখনৰ অন্যতম স্বাক্ষৰকাৰী ধীৰেণ বড়ো । চৰকাৰী কোনো এটা পক্ষৰ পৰাই চুক্তি স্বাক্ষৰকাৰী নেতাগৰাকীয়ে আমন্ত্ৰণ লাভ নকৰিলে । যাৰ বাবে বড়োৰ নেতৃত্বত থকা প্ৰায় পাঁচ শতাধিক প্ৰাক্তন এনডিএফবি কেডাৰসকল ক্ষোভিত হৈ পৰিছে ।”

ইফালে প্ৰাক্তন এনডিএফবি সদস্যসকলৰ বাবে চৰকৰে গ্ৰহণ কৰা আচনি সন্দৰ্ভতো আজিৰ সংবাদমেলত উল্লেখ কৰি নেতাগৰাকীয়ে কয়, “চৰকাৰখনে ৪০৩৬ গৰাকী প্ৰাক্তন এনডিএফবি কেডাৰৰ বাবে ১৬০ কোটি টকীয়া যি এক আঁচনি হাতত লৈছে, তাত বহুতো খেলি-মেলি দেখা গৈছে । কিয়নো প্ৰকৃততে ৪০৩৬ গৰাকী কেডাৰৰ তালিকাত কাৰ কাৰ নাম অন্তৰ্ভুক্ত হৈছে বা কৰ্তন হৈছে সেয়া চৰকাৰখনে ৰাজহুৱা কৰা নাই । যিহেতু এনডিএফবি সংগঠন ভংগ হোৱাৰ পূৰ্বে সংগঠনটো চাৰিটা গোটত বিভক্ত আছিল, সেয়েহে প্ৰতিটো গোটৰ নেতৃত্বৰ হাতত প্ৰাক্তন কেডাৰসকলৰ নাম থকাটো বাঞ্চনীয় । গতিকে আমাৰ গোটৰ নেতা ধীৰেণ বড়োৱে চৰকাৰৰ স’তে হোৱা আলোচনাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে, সেয়েহে চৰকাৰে কি ধৰণৰ আঁচনি লৈছে বা ১৬০ কোটি টকাটো কেনেদৰে ব্যয় কৰিব সেই বিষয়ে আমি এতিয়াও জ্ঞাত নহয় । আনহাতে আগন্তুক ২০ জুনৰ পৰা প্ৰাক্তন কেডাৰসকলক দক্ষতা বিকাশ সন্দৰ্ভত প্ৰশিক্ষণ দিয়াৰ চিন্তা চৰ্চা চলিছে যদিও কেনে প্ৰক্ৰিয়াৰ মাজেৰে এই প্ৰশিক্ষণ অনুষ্ঠিত হ’ব সেই বিষয়ে আমি কোনো তথ্য লাভ কৰা নাই । অৱশ্যে পূৰ্বেও আমি যুদ্ধবিৰতি শিৱিৰত থকা সময়ছোৱাতো এনেধৰণৰ বহু প্ৰশিক্ষণ লৈছো । গতিকে বৰ্তমান প্ৰাক্তন কেডাৰসকলৰ বাবে পুনৰ ব্যয়বহুল প্ৰশিক্ষণৰ প্ৰয়োজন নাই ।”

ইফালে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে, পূৰ্বে চৰকাৰৰ হাতত এনডিএফবিৰ চাৰিওটা গোটৰ মুঠ সদস্যৰ সংখ্যা চাৰি হেজাৰতকৈ কম আছিল । কিন্তু সংগঠন ভংগৰ পাছত চাৰিওটা গোটে পৃথকে পৃথকে দিয়া সদস্যৰ তালিকাত এই সংখ্যা চাৰি হেজাৰ অতিক্ৰম হৈছিল । কিন্তু চৰকাৰে কি তথ্যৰ ভিত্তিত কোন কেডাৰৰ নাম অন্তৰ্ভুক্ত কৰিছে অথবা কাৰ নাম কৰ্তন কৰিছে সেয়া বৰ্তমানলৈ জানিব পৰা নাই । বৰ্তমান বিটিআৰ চৰকাৰ চলাই থকা চুক্তি স্বাক্ষৰকাৰী নেতাসকলৰ এই বিষয়টোৰ ওপৰত সম্পূৰ্ণ কৰ্তৃত্ব থকা বাবেই ধীৰেণ বড়োৰ দৰে চুক্তি স্বাক্ষৰকাৰী নেতাএগৰাকীক এনে প্ৰক্ৰিয়াৰ পৰা বঞ্চিত কৰি ৰাখিছে ।

লগতে তেওঁ কয় যে, যদিহে আগন্তুক দিনত চৰকাৰৰ এনে সুবিধা তথা আঁচনিৰ পৰা প্ৰকৃত এনডিএফবি কেডাৰৰ নাম বাদ পৰে তেন্তে তেওঁলোক পুনৰ পূৰ্বৰ দৰে জংঘললৈ যোৱাৰ সম্ভাৱনা দেখা দিছে । গতিকে বিটিআৰ চুক্তি ৰূপায়ন তথা প্ৰাক্তন এনডিএফবিসকলৰ সংস্থাপনৰ ক্ষেত্ৰত যাতে কোনেও ৰাজনীতি নকৰে । সকলো চুক্তি স্বাক্ষৰকাৰীসকলক লগত লৈ যাতে ৰূপায়ন কৰে তাকেই আজিৰ সংবাদমেলযোগে সকলো পক্ষকে সঁকীয়াই দি প্ৰতিগৰাকী প্ৰাক্তন এনডিএফবিৰ নাম ৰাজহুৱা কৰাৰ দাবী উত্থাপন কৰে প্ৰাক্তন এনডিএফবি নেতা-কৰ্মীসকলে‌ ।

আজিৰ সংবাদমেলত উপস্থিত থাকে মধ্য জ’নৰ ডেপুটী আৰ্মী চীফ বি. বিজাব, শোণিতপুৰ জিলা সমিতিৰ সভাপতি বি. বৈথুনৰ লগতে বহু কেইগৰাকী প্ৰাক্তন এনডিএফবি কৰ্মী ।

Exit mobile version