ধুবুৰী আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বিভিন্ন অঞ্চলত ।
ADVERTISEMENT
ধুবুৰীৰ ৰৌৱা দ্বিতীয় খণ্ড গাঁৱৰ সাহাদ আলী নামৰ এজন লোকে দীর্ঘ দিনৰে পৰা মাৰাত্মক ড্ৰাগছৰ বেহা চলাই আছিল ।
তেনে এক গোপন তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে সাহাদৰ ঘৰত আজি অভিযান চলায় ।
অভিযানত সহাদৰ ঘৰৰ পৰা ২০ টাকৈ কণ্টেইনাৰ ভৰ্তি ব্ৰাউন চুগাৰ উদ্ধাৰ কৰি জব্দ কৰে আৰক্ষীয়ে । যদিও আৰক্ষীৰ উমান পাই সাহাদে ঘৰৰ পৰা পলায়ন কৰে ।
ফলত ড্ৰাগছ মাফিয়াজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহয় আৰক্ষী ।