অপেক্ষাৰ অৱসান : প্লেষ্ট’ৰৰ পৰা ডাউনলােড কৰিব পাৰিব ‘বি এম আই’ গে’ম

Battlegrounds Mobile India 2

অৱশেষত গুগল প্লেষ্ট’ৰত উপলব্ধ হ’ল পাবজীৰ নতুন ভাৰতীয় সংস্কৰণ ‘বেটলগ্রাউণ্ডছ ম’বাইল ইণ্ডিয়া’ (বি এম আই) অনলাইন গেম। যিসকল ব্যক্তিয়ে ইতিমধ্যে বেটা ভার্চনৰ বাবে লগ ইন কৰিছিল তেওঁলােকে গুগল প্লেষ্ট’ৰৰ পৰা এতিয়া এই গেম ডাউনলােড কৰি লব পাৰিব।

ম’বাইল ফোনত এই গেম খেলিব বিচাৰিলে আপােনাৰ স্মার্টফোনটোত এইড ৫.১.১ অথবা ইয়াৰ পৰৱর্তী সংস্কৰণৰ হ’ব লাগিব। তদুপৰি ম’বাইত দুই জি বিৰ ৰেম থাকিব লাগিব।

অৱশ্যে ১৮ বছৰ অনূর্ধ্ব লােকে এই গেম খেলাৰ বাবে অভিভাৱকৰ অনুমতি ল’ব লাগিব, অন্যথা কঠোৰ শাস্তি বিহা হ’ব বুলি কোম্পানীটোৱে জানিবলৈ দিয়ে।

Exit mobile version