ক’ভিডৰ বিৰুদ্ধে দীর্ঘ যুঁজৰ পাছত ক্লান্ত পৃথিৱী । যদিও বৰ্তমান দেশত কৰ’না সংক্ৰমণৰ হ্ৰাস পাইছে এতিয়াও সকলোৱে ক’ভিড প্ৰট’কল মানি চলা উচিত । ক’ভিডৰ পৰা জয়ী হোৱাৰ পাছতো খাদ্যত গুৰুত্ব দিব লাগে । যিকোনো ৰোগৰ পৰা আৰোগ্য হোৱাৰ সময়ত খাদ্যত অধিক প্ৰ’টিন ৰখাটো অতি গুৰুত্বপূৰ্ণ। তেতিয়াহে সোনকালে সুস্থ হৈ উঠাৰ সম্ভৱ । কিন্তু আপোনাৰ দৈনন্দিন আহাৰত অধিক প্ৰ’টিন কেনেদৰে ৰাখিব জানো আহক ।
★ একেলগে বেছি খাদ্য নাখাব। প্ৰ’টিন হজম কৰিবলৈ বহুত বেছি সময় লাগে। আৰু ইয়াক সঠিকভাৱে হজম কৰিবলৈ যিমান শাৰীৰিক কাম কৰিব লাগিব সেয়া ক’ভিডৰ পাছত সম্ভৱ নহয়। গতিকে অলপ অলপ কৰি বেছি বাৰ খাওক।
★ গাখীৰ, দৈ, লাচি – ইয়াত যথেষ্ট পৰিমাণে প্ৰ’টিন থাকে। বিশেষকৈ নিৰামিষভোজীসকলৰ বাবে এইবোৰ মাছ মাংসৰ ভাল বিকল্প।
বহুলোকে ভাবে যে দৈ খোৱাৰ ফলত পুনৰ চৰ্দি আৰু কাহ হ’ব পাৰে। কিন্তু এইটো এটা সম্পূৰ্ণ ভুল ধাৰণা। দৈত প্ৰ’টিনৰ লগতে বহুতো ভাল বেক্টেৰিয়া থাকে। গতিকে ই হজম বৃদ্ধি কৰাত সহায় কৰে।
★ লঘু বা পাতল খাদ্যৰ সময়ত ফলৰ স’তে চীজ খাব, বা কণী বইল কৰি খাব অথবা ড্ৰাই ফ্ৰুইটছ স’তে গ্ৰীক দৈ খাব। ইয়াৰ প্ৰতিটোতে প্ৰটিন পাব।
★ মাছ, মাংস খোৱাটো অতি গুৰুত্বপূৰ্ণ। কিন্তু ৰঙা মাংস নাখাব। চিকেন চুপ খাব পাৰে। চীজ খাব পাৰে। নিশ্চিতভাৱে দুপৰীয়াৰ আহাৰৰ বাবে মাহজাতীয় শস্য ৰাখিব। যিসকলে মাংস নাখায় তেওঁলোকে ৰাতিৰ আহাৰত চয়া-বীন খাব পাৰে। চয়া বীন তৰকাৰীৰ উপৰিও, আপুনি চয়া বীনেৰে পুলাও বনাব পাৰে আৰু সোৱাদৰ পৰিৱৰ্তনৰ বাবে ইয়াক খাব পাৰে।
★ ক’ভিডৰ পাছত বহুতৰ পেটৰ সমস্যা হৈছে। তেনে ক্ষেত্ৰত, একে সময়তে যথেষ্ট পৰিমাণৰ প্ৰ’টিন খোৱাটোও বিপদজনক। পাতল খাদ্য যেনে দৈ, সিজোৱা মাহজাতীয় শস্য খাব পাৰি।
★ নিয়ম অনুসৰি খোৱা-বোৱা কৰাৰ পাছতো যদি আপুনি ওজন হ্ৰাস কৰা দেখা পায় তেন্তে এয়া চিন্তাৰ বিষয়। গতিকে আপোনাৰ চিকিৎসকৰ স’তে যোগাযোগ কৰক।