ওদালগুৰিত এবছু, মহিলা সমন্বয়ৰক্ষী সমিতিৰ প্ৰতিবাদ

কোকৰাঝাৰৰ নাৰকীয় ঘটনাত জৰিত দোষীক কঠোৰ শাস্তি দিয়কঃ দ্বিপেন বড়ো

WhatsApp Image 2021 06 19 at 7.03.05 PM

কোকৰাঝাৰ জিলাৰ অভয়াখুঁটিত দুই নাবালিকা ভগ্নীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাৰ প্ৰতিবাদত আজি ওদালগুৰি চহৰত নিখিল বড়ো ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতি আৰু বড়ো মহিলা সমন্ধয়ৰক্ষী কমিটিয়ে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

আজি দিনৰ ১১ বজাৰ পৰা ক’ভিড প্ৰটক’ল মানি ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসুচীত অংশ গ্ৰহন কৰে নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োৱে। বড়োৱে এই ঘটনাৰ তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ঘটনাত জড়িত সকলক চৰম পৰ্যায়ৰ শাস্তি প্ৰদান কৰিবলৈ দাবী কৰে।

এবছুৰ সভাপতি জনে এই ঘটনাৰ তদন্ত ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে কৰাৰ দাবী জনাই কোনো দোষী যাতে সাৰি যাব নোৱাৰে তাৰ বাবে ৰাজ্য চৰকাৰ তথা বিটিআৰ প্ৰশাসনৰ ওচৰত দাবী জনায়।

ইফালে কোকৰাঝাৰৰ সেই ভুক্তভোগী পৰিয়ালটোক উচিত ক্ষতিপূৰণ দিবলৈ এবছুৰ সভাপতি গৰাকীয়ে চৰকাৰক দাবী জনাই কয় , “ৰাজ্যত মহিলা সকলৰ বিৰুদ্ধে অপৰাধমূলক ঘটনা ক্ৰমে বৃদ্ধি হৈ আহিছে। ৰাজ্য চৰকাৰখনে অসমক ড্ৰাগছ মুক্ত কৰাৰ বাবে যেনেদৰে পদক্ষেপ হাতত লৈছে তেনেদৰে অপৰাধ মুক্ত অসম এখন গঢ়ি তোলাৰ বাবেও একেধৰণৰ পদক্ষেপ লোৱাৰ প্ৰয়োজন হৈছে।”

ৰাজ্যখনত বসৱাস কৰা প্ৰতিগৰাকী লোকৰে জীৱন আৰু সম্পতিৰ নিৰাপত্তা দিবলৈও এবছুৱে চৰকাৰৰ ওচৰত দাবী জনায়। আজিৰ এই ধৰ্ণা কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লেকাৰ্ড লৈ “মহিলাৰ সুৰক্ষা নিশ্চিত কৰক, কোকৰাঝাৰ ঘটনাত জৰিত অপৰাধীক ফাচি দিয়ক, আমাক লাগে ন্যায়, ন’ জাষ্টিছ ন’ ৰেষ্ট” ইত্যাদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

প্ৰতিবাদৰ অন্তত জিলা প্ৰশাসনৰ জড়িয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Exit mobile version