কাৰ্বি আংলঙৰ মাঞ্জা থানাৰ অন্তৰ্গত জলেন পাহাৰত আৰক্ষী-ইউপিআৰ‌এফ উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ, দুই উগ্ৰপন্থী নিহত

কাৰ্বি আংলঙৰ মাঞ্জা থানাৰ অন্তৰ্গত জলেন পাহাৰত আৰক্ষী আৰু কুকি উগ্ৰপন্থীৰ মাজত হোৱা সংঘৰ্ষত দুজন উগ্ৰপন্থী নিহত হৈছে আৰু বহু সংখ্যক অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছে আৰক্ষীয়ে ।

অতি দুৰ্গম অঞ্চল হোৱাৰ বাবে ঘটনাস্থলীৰ পৰা মাঞ্জা থানালৈ আনি থকা হৈছে মৃতদেহ দুটা । মৃতদেহ দুটা ডিলাই চাংপিজলৰ হাউমিনলেন চিথ’ ওৰফে মেক্সি ওৰফে উইলিয়াম আৰু থাংচলিঅ’ কিলিং ওৰফে টাইগাৰ ৷

বিগত বহুদিন ধৰি কাৰ্বি আংলং আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰিছিল এই দুধর্ষ ইউপিআৰ‌এফ উগ্ৰপন্থী সংগঠনটো ।

বোকাজানৰ এটা জলপ্ৰপাতৰ কাষত ইউপিআৰ‌এফ সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ মাৰ্টিন গুইতে আৰু কেডাৰসকলে মুকলি কৈ বিচৰণ কৰিছিল যোৱা বৰ্ষত আৰু তাৰ পাছতেই আৰক্ষীয়ে কাৰ্বি আংলং আৰক্ষীয়ে ইউপিআৰ‌এফৰ বিৰুদ্ধে অভিযান তীব্রতৰ কৰি তুলিছিল ।

ইতিমধ্যে কাৰ্বি আংলং আৰক্ষীৰ হাতত যোৱা বৰ্ষতেই আৰক্ষীৰ গুলিত নিহত হৈছিল ইউপিআৰ‌এফৰ মুখ্য সেনাধ্যক্ষ মার্টিন গুইতে কিন্তু তাৰ পাছতো সংগঠনটো নিষ্ক্ৰিয় হৈ পৰা নাছিল ।

কাৰ্বি আংলং আৰক্ষীয়ে বিভিন্ন সময়ত অভিযান চলাই বহু কেডাৰক আটক তথা কে’বাজনো সংঘৰ্ষত নিহত হৈছিল ।

আজিও এক সফল অভিযান গঢ়ি তুলিলে কাৰ্বি আংলং আৰক্ষীয়ে আৰু দুটাকৈ দুধর্ষ ইউপিআৰ‌এফ কেডাৰ সংঘৰ্ষত নিহত হৈছে । ঘটনাস্থলীৰ পৰা দুটা একে৪৭ ৰাইফলৰ লগতে শিবিৰত ব্যৱহৃত অন্যান্য সামগ্ৰী উদ্ধাৰ কৰে ৷

Exit mobile version