বৰপেটা জিলাৰ নুনতোলা নুনী সমাহাৰ কেন্দ্ৰ আৰু মুগা গোপাচাৰ কেন্দ্ৰ পৰিদৰ্শন মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ

ৰেচম, হস্ততাত-বস্ত্ৰ শিল্প বিভাগত নতুন নিযুক্তিৰ পোষকতা মন্ত্ৰী ব্ৰহ্মৰ

“নতুন আঁচনি ৰূপায়নেৰে সৰ্বভাৰতীয় পৰ্যায়লৈ নিব লাগিব হস্ততাত-বস্ত্ৰ শিল্প, মুগা শিল্পক”

 

আজি বৰপেটা জিলাৰ সৰভোগৰ নুনতোলাস্থিত ৰেচম বিভাগৰ নুনী সমাহাৰ কেন্দ্ৰ আৰু মুগা গোপাচাৰ কেন্দ্ৰ পৰিদৰ্শন কৰে অসম চৰকাৰৰ হস্ততাত-বস্ত্ৰ শিল্প আৰু ৰেচম বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম‌ই । মন্ত্ৰী ব্ৰহ্ম‌ই ৰেচম বিভাগৰ কে’বাগৰাকীও বিষয়া কৰ্মচাৰীক লগত লৈ নুনী সমাহাৰ কেন্দ্ৰ আৰু মুগা গোপাচাৰ কেন্দ্ৰ পৰিদৰ্শন কৰি কেন্দ্ৰটোত থকা বিভিন্ন সমস্যাৰ লগতে ইয়াৰ জৰিয়তে মুগা উৎপাদনৰ কাৰ্যক্ৰমণিকাবোৰৰো বুজ লয় ।

লগতে ৰেচম বিভাগৰ কে’বাগৰাকীও বিষয়াৰ স’তে মন্ত্ৰী ব্ৰহ্ম‌ই দীৰ্ঘসময় আলোচনাত মিলিত হয় । নুনী সমাহাৰ কেন্দ্ৰ আৰু মুগা গোপাচাৰ কেন্দ্ৰ পৰিদৰ্শন কৰাৰ সময়চোৱাত মন্ত্ৰী ব্ৰহ্ম‌ই সংবাদ মাধ্যমৰ আগত কয় যে, হস্ততাত-বস্ত্ৰ শিল্প আৰু ৰেচম বিভাগ দুটা কৃষি বিভাগৰ পাছতেই দ্বিতীয় স্থানত থকা বিভাগ । গ্ৰাম্য অৰ্থনীতি কৃষি, হস্ততাত-বস্ত্ৰ শিল্প, ৰেচম বিভাগৰ ওপৰতেই নিৰ্ভৰশীল । বেছিভাগ মহিলাই হস্ততাত-বস্ত্ৰ শিল্প আৰু ৰেচম শিল্পৰ স’তে জড়িত । আজিৰ দিনত ভাৰত চৰকাৰৰ যিটো নতুন এটা চিন্তা মহিলাসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিব লাগে, স্বাৱলম্বী যদি কৰিব লাগে তেতিয়া হʼলে এই আঁচনিত মহিলাসকলকো সাঙুৰি লʼব লাগিব । তেনে ক্ষেত্ৰত ৰেচম, হস্ততাত-বস্ত্ৰ শিল্প বিভাগে ডাঙৰ এটা ভূমিকা গ্ৰহণ কৰিব পাৰে মহিলা অৰ্থনীতিটো উন্নয়ন কৰিবৰ বাবে । এই বিভাগটো গতানুগতিকভাৱে চলি আহিছিল তাত আমি বেছি উন্নয়নো কৰিব পৰা নাছিলো ।

মুগা মিছন চলাৰ পাছত আকৌ নতুন চৰকাৰে হস্ততাত-বস্ত্ৰ শিল্প খণ্ডক অধিক গুৰুত্ব প্ৰদান কৰিবলৈ আগবাঢ়িছে । মুগা শিল্পৰ বা হস্ততাত-বস্ত্ৰ শিল্পৰ পৰিৱৰ্তন আনিবৰ বাবে কিছুমান গাঁঠনিৰ পৰিৱৰ্তনৰ প্ৰয়োজন । এই ক্ষেত্ৰত চৰকাৰে নতুন চিন্তাৰে পদক্ষেপ গ্ৰহণ কৰিব । মুগা শিল্পক বাণিজ্যিক প্ৰসাৰৰ বাবে সৰ্বভাৰতীয় পৰ্য্যায়তো মুগা মেলা স্থাপন কৰিব লাগিব । আনহাতে গাঁৱৰ শিপিনীসকলৰ লাভাংশ কিদৰে বৃদ্ধি কৰাৰ বাবেও গুৰুত্ব আৰোপ কৰিব লাগিব । সমগ্ৰ বিষয়টো আৰু সমস্যাবোৰ পৰ্যালোচনা কৰি নতুন আঁচনি ৰূপায়নেৰে হস্ততাত-বস্ত্ৰ শিল্প, ৰেচম বিভাগ দুটাক আগুৱাই নিব লাগিব ।

মন্ত্ৰী ব্ৰহ্ম‌ই সংবাদ মাধ্যমৰ আগত পুনৰ কয় যে, গোটেই অসমত যিটো মুগা মিছন বিশেষ ১০ বছৰৰ ভিতৰত মুগা উৎপাদনটো বৃদ্ধি কৰিব লাগিব ১০ গুণ । মুগা শিল্পক যিকোনো প্ৰকাৰে সংৰক্ষণ কৰি ইয়াৰ উৎপাদন বৃদ্ধি কৰিব লাগিব । তেনেদৰে মুগা ফাৰ্ম বিলাকো সংৰক্ষিত হʼব লাগিব । এই সমস্যাবোৰ পৰ্যালোচনাৰে ৰেচম শিল্পক কাৰ্যক্ষম কৰাৰ বাবে বিভাগটোত নতুন নিযুক্তি প্ৰদান কৰাৰ চিন্তা কৰা হৈছে একেদৰে হস্ততাত-বস্ত্ৰ শিল্প বিভাগটো নতুন নিযুক্তি প্ৰদান কৰা হʼব ।

মন্ত্ৰী ব্ৰহ্ম‌ই নুনী সমাহাৰ কেন্দ্ৰ আৰু মুগা গোপাচাৰ কেন্দ্ৰ পৰিদৰ্শনৰ কাৰ্যক্ৰমণিকাত ৰেচন বিভাগৰ সঞ্চালক কাজৰী ৰাজখোৱা, যুটীয়া সঞ্চালক ৰতন ফাটোৱালী, উপ সঞ্চালক আদিত্য গগৈ, বৰপেটা জিলা সহকাৰী ৰেচম সঞ্চালক ভূপতি শৰ্মা, ৰেচম সম্প্ৰসাৰণ বিষয়া কাকলি দাস, ৰিমঝিম দাসকে ধৰি কেবাগৰাকীও হস্ততাত-বস্ত্ৰ শিল্প আৰু ৰেচম বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে ।

Exit mobile version