৩৩ টা সম্প্ৰদায়ৰ জৰীপৰ নিৰ্দেশ

গাঁৱে-গাঁৱে খিলঞ্জীয়া-ভাৰতীয় মূলৰ জনসংখ্যাৰ তথ্য সংগ্ৰহৰ ব্যৱস্থা

Screenshot 43

বিভিন্ন জাতি-জনগোষ্ঠী-সম্প্ৰদায়ৰ বাসভূমি অসম । গাঁও প্ৰধান ৰাজ্যখনত ক’ত কিমান কি সম্প্ৰদায়ৰ লোক আছে তাৰ কোনো তথ্য চৰকাৰৰ হাতত নাই । তাৰ পৰিপ্ৰেক্ষিতত ভৈয়ম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগে সকলো জিলাৰ উপায়ুক্তলৈ এই সম্পৰ্কত তথ্য সংগ্ৰহৰ জাননী জাৰি কৰিছে । ন জুনৰ বিএডি/বিচি/৬৩৩/২০২১/৩ নম্বৰত বিভাগৰ জনতা ভৱনৰ কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা এই জাননীৰ ভিত্তিত উপায়ুক্তসকলক পাৰ্যমানে সোনকালে উল্লিখিত তথ্য দাখিল কৰিবলৈ কোৱা হৈছে ।

জাননীখনত ৩৩ টা সম্প্ৰদায়ৰ নামো নিৰ্দিষ্টকৈ উল্লেখ কৰা হৈছে । এই জনগোষ্ঠীসমূহৰ কিমান সংখ্যক লোক কোন কোন গাঁৱত আছে সেই তথ্য উপায়ুক্তসকলে সংগ্ৰহ কৰিব লাগিব ।

উল্লিখিত সম্প্ৰদায়সমূহ হ’ল‌ – কলিতা, শৰণীয়া কছাৰী, গোৰ্খা, নাথ-যোগী, বিষ্ণুপ্ৰিয়া মণিপুৰী, মণিপুৰী, হিন্দীভাষী, বাংলাভাষী, কেওট, গাৰো, বৰ্মন ডিমাচা কছাৰী, সূত, গৰিয়া, তাই আহোম, মেচ কছাৰী, চুতীয়া, খাচী জয়ন্তীয়া, কাৰ্বি আংলঙৰ বাহিৰত বাস কৰা কাৰ্বি, কোচ ৰাজবংশী, মাইমল, বৰাক উপত্যকাৰ পাহাৰীয়া জনজাতি, মৰিয়া, সাধাৰণ জাতি, আদিবাসী, চিংফৌ ছেমা (মান তাই), হাজং, চাওদাং, মদাহী, কুমাৰ, জলহা, ব্ৰাহ্মণ, মৰাণ আৰু মটক ।

উল্লেখ্য যে অসমত ২৬ হেজাৰৰ অধিক ৰাজহ গাঁও আছে । এই গাঁওবোৰক লৈ বিস্তৃত জৰীপ কেতিয়াও হোৱা নাই । সেয়েহে গাঁওবোৰত জনসংখ্যা ভিত্তিত কৰিব বিচৰা হৈছে । ইয়াৰ লগতে বিভাগীয় সূত্ৰ‌ই সদৰী কৰে যে অসমৰ ৰাজহ গাঁওবোৰত খিলঞ্জীয়া আৰু ভাৰতীয় মূলৰ কিমান লোকে বাস কৰি আহিছে, সেয়াও এই জৰীপৰ সহায়ত চৰকাৰে চাব বিচাৰিছে ।

সেয়েহে ৩৩ টা সম্প্ৰদায়ৰ নাম চৰকাৰীভাৱে নিৰ্দিষ্ট কৰি দিয়া হৈছে । সেইকেইটাৰ জনসংখ্যাৰ তথ্যহে এই জৰীপত সন্নিবিষ্ট হ’ব । সংশ্লিষ্ট সম্প্ৰদায়ৰ লোকসকলে কি ধৰণে জীৱন নিৰ্বাহ কৰি আছে তাৰ সামাজিক তথ্য‌ও এই জৰীপত প্ৰকাশ পাব বুলি আশা কৰা হৈছে ।

Exit mobile version