কম্পিউটাৰৰ পৰ্দাৰ এই ছবিটো প্ৰকৃততে কোন ঠাইৰ জানেনে ?

wp2754864

দূৰ দিগন্ত বিস্তৃত উজ্জ্বল সেউজীয়া ঘাঁহনি আৰু ওপৰত নীলা মেঘাচ্ছন্ন আকাশ । ছবিটো অতি চিনাকি যেন লাগিছে নহয় নে ? এইটো ‘উইনড’জ এক্সপি’ৰ ডিফল্ট ৱালপেপাৰ । কম্পিউটাৰ অন কৰিলেই এই ছবিটো ভাঁহি আহে পৰ্দাত । কিন্তু জানেনে এই ছবিটো কোন ঠাইৰ ? কেনেকৈ উইড’জ এক্সপি-ৰ ডিফল্ট ৱালপেপাৰ হ’ল ?

১৯৯৬ৰ ঘটনা । নেছনেল জিয়’গ্ৰাফিকৰ চিত্ৰগ্ৰাহক চাৰ্লছে কেলিফৰ্নিয়াৰ ছ’ন’ম’ৰ পৰা ছান ফ্ৰান্সিস্ক’ গৈছিল প্ৰেমিকাক লগ কৰিবলৈ । চাৰ্লছে নাজে গাড়ী চলাই আছিল । এই পথেৰে পূৰ্বেও বহুবাৰ গাড়ী চলাই গৈছিল চাৰ্লছে । কিন্তু এইবাৰ হাইৱে ১২১ৰ কাষৰ এটা স্থানত তেওঁৰ চকু থৰ হৈ পৰে । তেতিয়া শীতকাল । চাৰ্লছে সেই স্থানত গৈ পোৱাৰ পূৰ্বে বৰষুণ হয় । সেউজীয়া ঘাঁহত বৰষুণৰ পানীৰ টোপাল জমা হৈ আছে আৰু কোমল ৰ’দত আকাশত তুলাৰ দৰে উপঙি আছে মেঘবোৰ । প্ৰকৃতিৰ এই অপৰূপ দেখি কেমেৰাত বন্দী নকৰি নোৱাৰিলে চাৰ্লছে ।

১৯৯৮ত তেওঁ ফটোখনত কোনো সংস্কৰণ নকৰাকৈয়ে কৰবিছ নামৰ এটা ষ্টক ফটো ৱেবছাইটত আপলোড কৰি দিয়ে । পৰৱৰ্তী সময়ত সেই ফটো দৃষ্টি গোচৰ হয় বিল গেটছ্‌ৰ । ২০০০ চনত চাৰ্লছক যোগাযোগ কৰি ফটোখন ক্ৰয় কৰে বিলে ।

ইয়াৰ পাছত ২০০১ত আৰম্ভ হোৱা উইনড’জ এক্সপি ইনষ্টল কৰা কোটি কোটি কম্পিউটাৰৰ ৱালপেপাৰ হৈ পৰে এই ফটোখন ।

Exit mobile version