চিৰাঙৰ কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ৰ তলা ভাঙি পলায়ণ দুই ক’ভিড ৰোগী আচামীৰ

WhatsApp Image 2021 06 22 at 7.30.34 PM

চিৰাঙৰ কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ৰ পৰা চিকিৎসাধীন হৈ থকা দুজনকৈ ক’ভিড আক্ৰান্ত আচামীৰ পলায়ন ।

পলায়ন কৰা আচামী দুজনক ভিতৰত এজন হৈছে চিৰাঙৰ ঢালিগাঁৱৰ কুখ্যাত তেলচোৰ জৰিফ আলী ওৰফে পেটলা (৩২ ) আৰু অন্য এটা চুৰি গোচৰৰ দুৰ্ধৰ্শ আচামী বিশ্বজিৎ ৰায় ( ৩৫ ) ।

চলন্ত ৰেলৰ পৰা তেল চুৰি কৰা চক্ৰৰ মুল অপৰাধি জৰিফ আলীৰ বিৰুদ্ধে ঢালিগাঁও থানাত ভাৰতীয় দণ্ড বিধিৰ ধাৰা ৩৭৯,২৮৫,৩৪ আৰু পেট্ৰলিয়াম আইনৰ ২৩ অনুচ্ছেদ অনুসৰি ১৫৫/২১ নম্বৰৰ গোচৰ পঞ্জিয়ণ কৰি ছয় দিনৰ বাবে আৰক্ষীৰ জিম্মাত লৈছিল তাৰে মাজত ক’ভিড ধৰা পৰিছিল জৰিফ আলীৰ ।

একেদৰে বিশ্বজিত ৰায়ৰ বিৰুদ্ধে জন স্বাস্থ্য কাৰিকৰি বিভাগৰ পানী যোগান আচনীৰ মটৰ চুৰীৰ গোচৰত তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছিল যদিও বিশ্বজিতৰ শৰীৰত ক’ভিড ধৰা পৰাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰে আৰু বাকী দুজনক জেললৈ প্ৰেৰণ কৰে।

তেওঁৰ বিৰুদ্ধে ১৫৮/২১ নম্বৰৰ গোচৰ পঞ্জিয়ণ কৰিছিল ঢালিগাঁও থানাত ।দুয়োজন চোৰেই ক’ভিড চিকিৎসালয়ৰ তলা ভাঙী সোমাবাৰে নিশা পলায়ণ কৰে ।

তাৰে বিশ্বজিৎ ৰায় নামৰ আচামী জনে হাতত হেণ্ডকাপ লগোৱা অৱস্থাতে চিকিৎসালয়ৰ পৰা পলায়ন কৰে ।

পলায়ন কৰা আচামীৰ দুজনৰ সন্ধানত আৰক্ষীয়ে ব্যাপক তালাচী চলাই আছে । অদ্যাপি সন্ধান নাই পলায়ন কৰা আচামী দুজনৰ ।চিৰাং জিলা আৰক্ষী অধিক্ষকৰ স’তে এই বিষয়ে যোগাযোগ কৰাত আৰক্ষীয়ে কোনো মন্তব্য প্ৰদান কৰা নাই।

উল্লেখ যে যোৱা তিনিদিন আগতে ক’ভিড আক্ৰান্ত আচামী দুজনক চিকিৎসাৰ বাবে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয়ত ক’ভিড ওৱাৰ্ডত ভৰ্তি কৰা হৈছিল ।

আজি পুৱতি নিশা পহৰাৰত আৰক্ষীৰ চকুত ধূলি দি পিচ দুৱাৰৰ তলা ভাঙী পলায়ন কৰে আচামি দুজন । ঘটনা পোহৰলৈ অহাৰ পাছত কাজলগাঁৱত ব্যাপক চাঞ্চ্যলৰ সৃষ্টি হৈছে ।

Exit mobile version