ভেকচিন ল’লে বিমানযাত্ৰাত পাব আকৰ্ষণীয় অফাৰ

74355 6aindigocindigo 5467

কৰ’না প্রতিষেধক গ্ৰহণৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিবলৈ বিভিন্ন দেশত বিভিন্ন অফাৰ বা উপহাৰ আগবঢ়োৱা হৈছে। কৰবাত বিনামূলীয়া অনলাইন গেমিং অফাৰ লাভ কৰিছে কৰবাত আকৌ এজন চিকিৎসকে ভেকছিন গ্ৰহণ কৰিলে বিয়েৰ বিতৰণ কৰিছে ।

এইবাৰ, ভাৰতীয়সকলক মাৰাত্মক ভাইৰাছৰ বিৰুদ্ধে টিকাকৰণ কৰিবলৈ উৎসাহিত কৰাৰ বাবে দুৰ্দান্ত অফাৰ ঘোষণা কৰিছে বিমান সংস্থা ইণ্ডিগ’ই ।

কৰ’নাৰ তৃতীয় ঢৌৰ বাবে আতংকিত হৈ পৰিছিল দেশবাসী। এনে পৰিস্থিতিত টিকাকৰণৰ গতি বঢ়োৱাৰ একমাত্ৰ লক্ষ্য কেন্দ্ৰৰ । কিন্তু বহুতে এতিয়াও টিকাকৰণ কৰিবলৈ সংকোচ বোধ কৰে। সেই মনোভাৱ দূৰ কৰিবলৈ নতুন পদক্ষেপ উদ্যোগ ইণ্ডিগ’ৰ ।

ইণ্ডিগ’ই জনাই যে ,এবাৰ ক’ভিড-১৯ টিকাৰ এটা বা দুটা পালি গ্ৰহণ কৰাৰ পাছত, যাত্ৰীজনে বিমানখনত আকৰ্ষণীয় ৰেহাই পাব । এক জাননী মুকলি কৰি গুৰুগ্ৰাম এয়াৰলাইনটোৱে কয় যে, বিমানৰ বাবে নিম্নতম ভাড়াত ১০ শতাংশলৈকে ৰেহাই দিয়া হ’ব ।

এই উদ্যোগৰ উদ্দেশ্য হৈছে কেন্দ্ৰৰ টিকাকৰণ অভিযান ত্বৰান্বিত কৰা। এই প্ৰস্তাৱটো আজি মুকলি কৰা হৈছে।প্ৰথম আন্তৰ্জাতিক বিমান সংস্থা হিচাবে অতিমাৰীৰ পৰিৱেশত এই বিশেষ অফাৰ ঘোষণা কৰিছে ইণ্ডিগ’ ।

ইয়াৰ মাজতে, বিমানবন্দৰত উৰণৰ আগতে কৰ’না প্ৰতিবেদন দেখুৱাব লাগিব। প্ৰতিবেদনটো নিগেটিভ হ’লেহে বিমানখনত উঠিবলৈ অনুমতি দিয়া হয়। অধিক যাত্ৰীয়ে টিকাকৰণৰ স’তে বিমানেৰে ভ্ৰমণ কৰাটো নিশ্চিত কৰাৰ বাবে এই বিশেষ ৰেহাই দিয়া হৈছে ।

কোম্পানীটোৰ হৈ সঞ্জয় কুমাৰে কয়, “দেশৰ সৰ্ববৃহৎ এয়াৰলাইন হিচাপে আমি অনুভৱ কৰিছিলো যে আমি টিকাকৰণ অভিযানত যোগদান কৰিব লাগিব। আমাৰ লক্ষ্য হৈছে মানুহক টিকাকৰণ কৰিবলৈ উৎসাহিত কৰা । নিৰপদে, সুৰক্ষিতভাৱে বিমানযাত্ৰা কৰাৰ বাবে ভেকছিন লোৱাটো গুৰুত্বপূৰ্ণ ।”

তেওঁ লগতে কয় যে, ভাৰতত বসবাসকাৰী ১৮ বছৰৰ অধিক বয়সৰ যি সকলৰ টিকাকৰণ হৈছে তেওঁলোক সকলোৰে বাবে এই অফাৰটো প্ৰযোজ্য। স্বাস্থ্য মন্ত্ৰালয়ৰ দ্বাৰা অনুমোদিত ভেকছিন প্ৰমাণপত্ৰটি টিকট বুক কৰাৰ সময়ত দেখুৱাব লাগিব । নতুবা বিমানবন্দৰৰ কাউণ্টাৰত ম’বাইলৰ আৰোগ্য সেতু এপট ভেকচিন লোৱাৰ প্ৰমাণ দেখুওৱা লাগিব । www.goindigo.in ৱেবছাইটলৈ গৈ অফাৰটোৰ বিৱৰণ বিচাৰি উলিয়াব পাৰে । অৱশ্যে, এই ৰেহাই সীমিত সময়ৰ বাবে ।

Exit mobile version