মাস্ক পৰিধান বাধ্যতামূলক নহ’ব ইটালীত

jpg 2

ইউৰােপৰ কৰ’নাত অধিক আক্রান্ত হােৱা দেশসমূহৰ ভিতৰত ইটালী অন্যতম আছিল। কিন্তু অৱশেষত ইটালীবাসীৰ বাবে সুখবৰ শুনালে দেশখনৰ স্বাস্থ্য মন্ত্রণালয়ে।

অহা সপ্তাহৰ পৰা ইটালীবাসীয়ে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক নহ’ব। মাস্ক অবিহনে এতিয়াৰ পৰা দেশবাসীয়ে ৰাস্তালৈ ওলাব পাৰিব। বিশেষজ্ঞই একাধিক বৈঠকৰ পাছত অহা ২৮ জুনৰ পৰা ইটালীৰ অধিকাংশ অঞ্চলত ক’ভিড বিধি প্রত্যাহাৰৰ সিদ্ধান্ত ল’লে দেশখনৰ স্বাস্থ্য মন্ত্রণালয়ে।

মঙলবাৰে ইটালীৰ স্বাস্থ্যমন্ত্ৰী ৰবাৰ্ট’ স্পেৰাঞ্জাই এই কথা ঘােষণা কৰি লগতে কয় যে বৃহৎ জনসমাৱেশ আদিৰ জৰিয়তে কৰনাৰ পুনৰ সংক্ৰমণৰ শংকা থকা হেতুকে দেশবাসীক নিজৰ লগত সকলাে সময়তে এখন মাস্ক ৰাখিবলৈ অনুৰােধ কৰা হৈছে।

Exit mobile version