কৰ’নাৰ প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব অন্তঃসত্বাসকলেও, জনালে স্বাস্থ্য মন্ত্ৰালয়ে

কৰ’নাৰ তৃতীয় ঢৌত আতংকিত হৈ পৰিছে সমগ্র দেশ। ৰূপ পৰিবৰ্তন কৰি আৰু বিপদজনক আকৃতি লৈছে কৰ’নাৰ ডেল্টা ভেৰিয়েণ্টে ।

স্বাস্থ্য মন্ত্ৰালয়ে এই পৰিস্থিতিত শুক্ৰবাৰে এক নিৰ্দেশনা মুকলি কৰে। নিৰ্দেশনাত স্পষ্টকৈ জনালে যে ,গৰ্ভৱতী মহিলাসকলেও গ্ৰহণ কৰিব পাৰিব কৰ’নাৰ প্ৰতিষেধক । ই তেওঁলোকৰ শৰীৰত কোনো বিৰূপ প্ৰভাৱ পেলাব নোৱাৰে।

স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা শুকুৰবাৰে সাংবাদিকৰ মুখামুখি হয় এনডিয়ান চিকিৎসা গৱেষণা পৰিষদৰ ডিজি ডাঃ বলৰাম ভাৰ্গৱ । তেওঁ গৰ্ভৱতী মহিলাৰ টিকাকৰণৰ বাবে এটা নিৰ্দেশনাও মুকলি কৰে।

ড. ভাৰ্গৱে কয় যে, গৰ্ভৱতী লোকৰ শৰীৰত টিকাকৰণ সমানে কাৰ্যকৰী। তেওঁলোকক টিকাকৰণৰ প্ৰয়োজন।

ড. ভাৰ্গৱে লগতে শিশুৰ টিকাকৰণৰ বিষয়টোৰ বিষয়েও কয়। তেওঁ কয়, “বৰ্তমান মাত্র এখন দেশতহে শিশুসকলক টিকাকৰণ কৰা হৈছে । এতিয়াও অতি সৰু শিশুক টিকাকৰণ কৰাৰ প্ৰয়োজন আছে নে নাই সেই বিষয়ে কোনো স্পষ্ট তথ্য নাই। অৱশ্যে, দুইৰ পৰা ১৮ বছৰ বয়সৰ শিশুক টিকাকৰণ কৰিব পাৰিনে নে নাই সেই বিষয়ে গৱেষণা আৰম্ভ কৰা হৈছে।ছেপ্টেম্বৰৰ ভিতৰত এই গৱেষণা সম্পূৰ্ণ হলে পৰৱৰ্তী সিদ্ধান্ত লোৱা হ’ব ।”

Exit mobile version