১২ৰ পৰা ১৮ বছৰ বয়সৰ শিশুসকলকো দিয়া হ’ব জাইডাছ কেডিলা প্ৰতিষেধক

laboratory tuebingen employee coronavirus hoffmann biopharmaceutical demonstrates a5111fd2 1541 11eb 9690 b19a1ecf710b 1624430577074

কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়লৈ এখন শপতনামা জাৰি কৰিছে যে ভাৰতীয় কোম্পানী জাইডাছ কেডিলাই প্ৰস্তুত কৰা ক’ভিড ভেকছিন শীঘ্ৰেই ১২ ৰ পৰা ১৮ বছৰীয়া শিশুক দিয়া হ’ব।

ভাৰতে টিকাকৰণৰ বিষয়ে পৰিকল্পনাক লৈ কেন্দ্ৰক প্ৰশ্ন কৰিছে শীৰ্ষ ন্যায়ালয়ে । ইয়াৰ প্ৰত্যুত্তৰত, কেন্দ্ৰই শনিবাৰে ৩৭৫ পৃষ্ঠাৰ শপতনামা দাখিল কৰে। য’ত লিখা হৈছে যে,চলিত বৰ্ষৰ ভিতৰতে দেশৰ ১২ৰ পৰা ১৮ বছৰৰ ভিতৰৰ প্ৰত্যেক শিশুক টিকাকৰণ কৰাৰ লক্ষ্য লৈছে কেন্দ্ৰই।তাৰ বাবে ১৮৬ কোটি ৬০ লাখ টকা প্ৰয়োজন ।

কেন্দ্ৰই শপতনামাখনত এইটোও কয় যে, ইতিমধ্যে ১৮ বছৰৰ পৰা ৪৫ বছৰসকলক বিনামূলীয়া টিকাকৰণৰ কাৰ্যসূচী আৰম্ভ হৈছে।

আগতীয়াকৈ নাম ভৰ্তি নকৰাকৈ পোনপটীয়াকৈ কেন্দ্ৰলৈ গ’লেই টিকাকৰণ কৰা হৈছে । একে সময়তে, কেন্দ্ৰই আৰ্থিকভাৱে পাছপৰা লোকসকলৰ বাবে নতুন আঁচনি আৰম্ভ কৰিছে। ইয়াৰ উপৰিও, প্ৰতিখন ৰাজ্যক টিকাকৰণত যাতে কোনো দুৰ্নীতি নহয় সেয়া নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ।

দ্বিতীয় ঢৌৰ পাছত এইবাৰ দেশখনত তৃতীয় ঢৌ হ’ব বুলি আশংকা কৰা হৈছে। কিন্তু তথাপিও দেশৰ মাত্ৰ ৫.৬ শতাংশ নাগৰিকক হে দুটা ভেকছিন দিয়া হৈছে। এই পৰিস্থিতিত, উচ্চতম ন্যায়ালয়ে এই বছৰৰ ৩১ ডিচেম্বৰলৈকে টিকাকৰণৰ বাবে কেন্দ্ৰই কি পৰিকল্পনা কৰিছে জানিবলৈ চেষ্টা কৰে। নতুন দিল্লীয়ে ইয়াৰ প্ৰতি সঁহাৰি জনাইছে ।

Exit mobile version