ভাৰতত জৰুৰী ভিত্তিত মডাৰ্নাৰ ক’ভিড প্ৰতিষেধক ব্যৱহাৰৰ বাবে অনুমোদনপত্ৰ বিচাৰি আবেদন

জৰুৰী ভিত্তিত ভাৰতত মডাৰ্নাৰ ক’ভিড প্ৰতিষেধক ব্যৱহাৰৰ অনুমোদনপত্ৰ বিচাৰি কেন্দ্ৰক আবেদন । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ সূত্ৰ অনুসৰি, ড্ৰাগ কণ্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়া (ডিচিজিআই)ক আবেদন কৰা হৈছে ।

ভাৰতত মডাৰ্নাৰ প্ৰতিষেধক আমদানি, উৎপাদন আৰু বণ্টনৰ দায়িত্বত আছে মুম্বাইৰ ঔষধ উৎপাদনকাৰী সংস্থা ছিপলা । তেওঁলোকেই ডিচিজিআই-ৰ পৰা জৰুৰী ভিত্তিত আমদানি আৰু ব্যৱহাৰৰ বাবে অনুমোদনপত্ৰ বিচাৰিছে ।

চলিত মাহৰ আৰম্ভণিতে ডিচিজিআই-য়ে জনাইছিল যে, জৰুৰী ভিত্তিত ভাৰতত মডাৰ্নাৰ প্ৰতিষেধক ব্যৱহাৰ কৰিবলৈ পৃথককে মানৱ দেহত পৰীক্ষণ (হিউমেন ক্লিনিকেল ট্ৰায়েল) কৰাৰ প্ৰয়োজন নাই ।

ডিচিজিআই-ৰ প্ৰধান ভিজি ছোমানিয়ে জনায়, নিৰ্দিষ্ট কিছুসংখ্যক দেশ তথা বিশ্ব স্বাস্থ্য সংস্থা (হু)ৱে যিবোৰ বৈদেশিক প্ৰতিষেধকক অনুমতি দিছে সেইবোৰক ভাৰতত পৃথককৈ পৰীক্ষা কৰাৰ প্ৰয়োজন নাই ।

দেশৰ টিকাকৰণৰ দায়িত্বপ্ৰাপ্ত সংস্থা, ‘নেচনেল এক্সপাৰ্ট গ্ৰুপ অন ভেকচিন এড্‌মিনিষ্ট্ৰেচন ফৰ ক’ভিড-১৯’ৰ নিবেদন অনুসৰিয়ে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জনায় ছোমানিয়ে । কাৰণ, কৰ’নাৰ তৃতীয় ঢৌ অহাৰ পূৰ্বে দ্ৰুতগতিত টিকাকৰণৰ কাম কৰিব বিচাৰে টিকাকৰণৰ দায়িত্বপ্ৰাপ্ত এই বিশেষজ্ঞৰ দলে ।

Exit mobile version