৩৫ দিনত দুহেজাৰ শয্যাৰ হাস্পতাল নিৰ্মাণ, ক’ভিডৰ বিৰুদ্ধে যুঁজিবলৈ তৎপৰ মুম্বাই

1624934830 covid hospital

নতুন ক’ভিড হাস্পতাল নিৰ্মাণ কৰা ‌হ’ল মুম্বাইত । দুহেজাৰ ১৭০খন বিচনাযুক্ত ক’ভিড হাস্পতালখন নিৰ্মাণ কৰোঁতে লাগিছে মাত্ৰ ৩৫ দিন ।

মুম্বাইৰ মালাডত জাৰ্মান প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে এই পৰিৱেশ বান্ধৱ ক’ভিড হাস্পতালখন । এই হাস্পতালৰ ৭০ শতাংশ বিছনাতে অক্সিজেনৰ ব্যৱস্থা আছে । ইয়াত ৩৮৪খন বিচনাযুক্ত আইছ’লেচন কোঠালীও নিৰ্মাণ কৰা হৈছে ।

শিশুসকলৰ চিকিৎসাৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে হাস্পতালখনত । শিশুসকলৰ বাবে ৪২খন আইচিইউ বিছনাৰ ব্যৱস্থা কৰা হৈছে ।

সোমবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ উপস্থিতিত উদ্বোধন কৰা হয় হাস্পতালখন । মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দফতৰৰ টুইটাৰ হেণ্ডলৰ পৰা উদ্বোধনৰ কথা জনোৱা হয় । মুম্বাই মেট্ৰ’পলিটান ৰিজিয়ন ডেভলপমেণ্ট অ’থ’ৰিটী (এম‌এম‌আৰডিএ)ৰ তত্বাৱধানত নিৰ্মাণ কৰা হৈছে এই ক’ভিড হাস্পতালখন । উদ্বোধনৰ পাছত চোৱা-চিতাৰ দায়িত্ব অৰ্পণ কৰা হয় বৃহন্মুম্বাই মিউনিচিপাল কৰ্প’ৰেচন (বিএমচি)ক ।

সূত্ৰ অনুসৰি, এই হাস্পতালখন নিৰ্মাণ কৰোতে ৫৭ কোটি টকা ব্যয় কৰা হৈছে । চিকিৎসাৰ বিভিন্ন সৰঞ্জামৰ বাবে ৩৩ কোটি টকা ব্যয় কৰা হৈছে । সৰ্বমুঠ ৯০ কোটি টকা ব্যয় কৰা হৈছে এই দুহেজাৰ শয্যাৰ ব্যৱস্থা থকা হাস্পতালখন নিৰ্মাণ কৰোতে ।

Exit mobile version