চিথিলা বজাৰ পৰিচালনা সমিতিখনৰ ম্যাদ উকলি যোৱাৰ পাছতো চিথিলা বজাৰ পৰিচালনা সমিতিখন ভংগ কৰি নতুন সমিতি গঠন নকৰাত ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
সেয়ে এক সংবাদমেল পাতি চিথিলা বজাৰ পৰিচালনা সমিতিৰ উপসভাপতি সাহাদ আলী আৰু সাধাৰণ সম্পাদক দিলীপ সাহায় সদৰী কৰে যে যোৱা মাৰ্চ মাহত চিথিলা বজাৰ পৰিচালনা সমিতিৰ এখন সাধাৰণ সভা আহ্বান কৰা হৈছিল, যদিও চিথিলা অঞ্চলৰ একাংশ সমাজ সচেতন লোকে লিখিতভাৱে আবেদন কৰি সভাখন পিছুৱাবলৈ অনুৰোধ জনায় । সেইহেতুকে আমি সময় উকলি যোৱাৰ পাছতো চিথিলা বজাৰ পৰিচালনা সমিতিখন নতুনকৈ গঠন কৰিব পৰা নাই ।
উক্ত সংবাদ মেলতেই আৰু কয় যে ইতিমধ্যে চৰকাৰে ক’ভিড-১৯ক লৈ যি ধৰণৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে এইবোৰ শিথিল হ’লেই বজাৰ পৰিচালনা সমিতি গঠন কৰিবলৈ এখন সাধাৰণ সভা আহ্বান কৰি নতুনকৈ সমিতিখন গঠন কৰি লোৱা হ’ব বুলিও প্ৰকাশ কৰে ।






























