বিগত ডেৰ বছৰ ধৰি কৰ’না ভাইৰাছৰ স’তে অহৰহ যুঁজ দি আহিছে এই বিশ্বই। হেজাৰ হেজাৰ লােকৰ মৃত্যুৰ লগতে অর্থনীতিৰ ক্ষেত্ৰতাে চৰম বিপর্যস্ত হৈছে বিশ্ব প্রায় প্রতিখন দেশ।
এনে অৱস্থাতে ভাৰতৰ দৰে দেশত ক’ভিডৰ নতুন প্রজাতি ‘ডেল্টা প্লাছ’ৰ সংক্রমণে দেশবাসীৰ উদ্বেগ বৃদ্ধি কৰিছে। ডেল্টা প্লাছ’ৰ আতংক আৰম্ভ হােৱাৰ সময়তে বিশেষজ্ঞসকলে প্ৰকাশ কৰা মতে, আৰু তিনিটা নতুন প্রজাতিৰ কৰ’না ভাইৰাছে বিশ্বত নতুন আতংকই সৃষ্টি কৰাৰ যথেষ্ট শংকা আছে।
এইসকল বিশেষজ্ঞৰ মতে, যিকোনাে মুহূর্ততে নতুন তিনি প্রজাতিৰ ক’ভিডে তাণ্ডৱ চলাব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাই এইদৰে সকীয়নি দি জনােৱা অনুসৰি, বিশ্বত কৰ’নাৰ আন তিনিটা প্রজাতি ক্রমে কাপ্পা, লামডা আৰু বি ১.৬১৭.৩ৰ সংক্রমণে আগন্তুক সময়ত ভয়াৱহ ৰূপ ধাৰণ কৰিব পাৰে।
বিশেষজ্ঞই প্রকাশ কৰা অনুসৰি বি.১.১৬৭.১ ভাইৰাছে ৰূপ পৰিৱৰ্তন কৰি কাপ্পা প্রজাতিত পৰিণত হৈছে। কাপ্পা হৈছে ক’ভিডৰ দুবাৰকৈ ৰূপ পৰিৱৰ্তন কৰা অধিক শক্তিশালী প্রজাতি।
ব্রাজিল আৰু দক্ষিণ আফ্রিকাত এই প্রজাতিৰ ক’ভিডৰ সংক্রমণে আতংকৰ সৃষ্টি কৰাৰ শংকা আছে। মানৱ দেহৰ ৰােগ প্ৰতিৰােধ ক্ষমতাত অতি সহজে কাপ্পা প্রজাতিয়ে আঘাত হানিব পাৰে। আনহাতে, লামডা প্রজাতিৰ সংক্রমণ ইতিমধ্যে পেৰুৰ লগতে বিশ্বৰ ২৯ খন দেশত চিনাক্ত কৰা হৈছে।
২০২০ত পেৰুত এইবিধ ক’ভিড ভাইৰাছৰ প্রথম সংক্রমণ ধৰা পৰিছিল। শেহতীয়াভাৱে লেটিন আমেৰিকাৰ বাসিন্দা আৰু ব্রিটেইনাে লামডা ভাইৰাছত আক্রান্ত হৈছে। আগন্তুক সময়ত বিশ্বৰ অধিকাংশ দেশত ক’ভিডৰ লামডা প্রজাতিৰ ব্যাপক সংক্ৰমণৰ শংকা আছে বুলি বিশ্ব স্বাস্থ্য সংস্থাই সকীয়াই দিছে।
ব্রিটেইনৰ স্বাস্থ্য গৱেষকে দাবী কৰা অনুসৰি, বি ১.৬১৭.৩ প্রজাতিৰ ক’ভিড ভাইৰাছ হৈছে সবাতােকৈ ক্ষতিকাৰক। মানৱ শৰীৰত এই প্ৰজাতিৰ ভাইৰাছে প্রৱেশ কৰিলে ৰােগীয়ে ক্রমশ মৃত্যুৰ দিশলৈ অগ্ৰসৰ হয়। অনেক ক্ষেত্ৰত
প্রতিষেধকেও কার্যকৰী ভূমিকা ল’ব নােৱাৰে।
বৰ্তমানলৈকে এই প্রজাতিৰ ক’ভিড ভাইৰাছৰ সংক্রমণে বিশ্বত ভয়াৱহ ৰূপ লােৱা নাই যদিও আগন্তুক সময়ত বি ১.৬১৭.৩ৰ অধিক সংক্রমণৰ শংকা নথকা নহয়। উল্লেখ্য যে ভাৰতাে এই প্রজাতিৰ ভাইৰাছৰ সংক্ৰমণৰ মানচিত্রৰ বাহিৰত নাই।






























