ফুটবল জীৱনৰ সৰ্বোচ্চ সন্মান লাভ কৰিব সুনীল ছেত্ৰীয়ে । ভাৰতৰ অধিনায়ৰ নাম খেলৰত্নৰ বাবে মনোনীত কৰিলে সৰ্ব্বভাৰতীয় ফুটবল সংস্থাই । অৰ্জুন বঁটাৰ বাবে মনোনীত কৰা হ’ল বালা দেৱীৰ নাম ।
সংবাদ সংস্থাক এজন কৰ্তাই জনায়, এই পৰ্যন্ত তথ্য জমা দিয়া হোৱা নাই । কিছুদিনৰ ভিতৰতে জমা দিয়া হ’ব ।
সম্প্ৰতি সুনীলে আইএছএলৰ ক্লাব বেংগালুৰু এফচি-ৰ হৈ খেলে । কিছুদিন পূৰ্বেই নতুনকৈ চুক্তি কৰিছে । আনহাতে, বালা দেৱীয়ে খেলে স্কটলেণ্ডৰ ৰেঞ্জাৰ্ছত ।
https://twitter.com/FIFAWorldCup/status/1401937025570385920?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1401937025570385920%7Ctwgr%5E%7Ctwcon%5Es1_c10&ref_url=https%3A%2F%2Fwww.anandabazar.com%2Fsports%2Fsunil-chhetris-name-nominated-for-khel-ratna-bala-devi-could-get-arjuna-award-dgtl%2Fcid%2F1290072
বিশ্বকাপৰ যোগ্যতা অৰ্জন পৰ্বৰ খেলত দেশৰ হৈ ‘গ’ল’ কৰাৰ নিৰিখত লিয়’নেল মেচীক পাছ পেলাইছিল সুনীলে ।
বিগত বৰ্ষত পাঁচজন ক্ৰীড়াবিদক খেলৰত্ন পুৰস্কাৰ প্ৰদান কৰা হৈছিল, যি আগতে কেতিয়াও দিয়া নাই ।