উত্তৰাখণ্ডৰ উপনিৰ্বাচনত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে থিয় দিব আপৰ নেতা অজয়ে

facebook 1618846437271 6789934087233215579

আম আদমি পাৰ্টি (আপ)ৰ মুখপাত্ৰ নবীন পৰিচালিয়ে আজি ঘোষণা কৰি কয় যে উত্তৰাখণ্ডৰ গংগোত্ৰীত অনুষ্ঠিত হ’ব লগা উপ-নিৰ্বাচনত দলৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হ’ব কৰ্ণেল অজয় ক’ঠিয়ালে ।

উল্লেখ্য যে এই সমষ্টিৰ পৰাই প্ৰতিদ্বন্দিতা কৰিব ৰাজ্যখনৰ মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱটে । আপে মুখ্যমন্ত্ৰী ৰাৱটৰ লগতে বিজেপিক কঠোৰভাৱে সমালোচনা কৰি কয় যে বিজেপিৰ ৫৭ জন বিধায়ক থকাৰ পাছতো দলে মুখ্যমন্ত্ৰীৰ বাবে এজনো নেতাক বিচাৰি উলিয়াব নোৱাৰিলে আৰু সেয়েহে ৰাৱটকে মুখ্যমন্ত্ৰী পাতিলে ।

Exit mobile version