কামৰূপ জিলাৰ নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত বদলা গাঁৱত যোৱা নিশা সংঘটিত হয় এক ভয়ংকৰ মাৰপিটৰ ঘটনা । হাঁহক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত সংঘটিত মাৰপিটত মহিলাসহ ১৩ জন লোক আহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ।
প্ৰাপ্ত তথ্য মতে, তিনিদিন পূৰ্বে গাঁওখনৰ ফকৰ আলী নামৰ ব্যক্তিজনৰ ১৯ টা হাঁহ হেৰুৱাত হাঁহকেইটা একেখন গাঁৱৰে দিলবৰ হুছেইনৰ ফাৰ্মত থকা বুলি দাবী কৰে । কিন্তু ফকৰ আলীৰ এই দাবী অস্বীকাৰ কৰি আহিছিল দিলবৰ হুছেইনে । এই ঘটনাক লৈ দুয়োটা পৰিয়ালৰ মাজত বিবাদ চলি থকাৰ সময়তে দুয়োটা পক্ষক লৈ বিষয়টোৰ মিমাংসা দিবলৈ যোৱা নিশা একাংশ লোকৰ উপস্থিতত দুয়োটা পক্ষই আলোচনাত মিলিত হয় । তাতেই দুয়ো পক্ষৰ মাজত বাক্-বিতণ্ডা আৰম্ভ হয় আৰু ই ভয়ংকৰ ৰূপ লয় ।
হাতে হাতে লাঠি, দা, দেগাৰ লৈ দুয়োটা পক্ষই মাৰপিটত লিপ্ত হোৱাত নিশাৰ অন্ধকাৰত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয় । ভয়ংকৰ মাৰপিটত দুয়োটা পক্ষৰ দিলবৰ হুছেইন, ৰফিকুল ইছলাম, তামাজ উদ্দিন, কছিম উদ্দিন, মনিৰ আলী, মংলা আলী, ছমেজ উদ্দিন, ফকৰ আলী, মনোৱাৰ হুছেইন, ময়িদুল ইছলাম, ছহিদুল ইছলাম আব্বেছ আলী আৰু মজিৰণ নেছা আহত হয় ।
নিশাই আহতসকলক নগৰবেৰা ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় যদিও ইয়াৰে কছিম উদ্দিন, আব্বেছ আলী, দিলবৰ হুছেইন, মনিৰ আলী, মংলা আলী আৰু মজিৰণ নেছাৰ আঘাত গুৰুতৰ হোৱালৈ লক্ষ্য কৰি উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ।
ঘটনা সন্দৰ্ভত দুয়োটা পক্ষই এজাহাৰ দাখিল কৰাত নগৰবেৰা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । ইপিনে সাধাৰণ ঘটনাক লৈ দুটা পক্ষৰ মাজত সংঘটিত ভয়ংকৰ মাৰপিটৰ ঘটনাত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে অঞ্চলটোৰ সচেতন লোকে ।