সাম্ভাব্য বানপানীৰ বাবে সম্পূৰ্ণ সাজু থকাৰ বাবে চক্ৰ বিষয়াক নিৰ্দেশ উপায়ুক্তৰ, দুৰ্যোগৰ সহাৰি দিব লাগিব দ্ৰুততাৰে

WhatsApp Image 2021 07 03 at 5.25.31 PM

বৰপেটা জিলাৰ বান পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে আজি উপায়ুক্ত তেজ প্ৰসাদ ভূচালৰ সভাপতিত্বত পুনৰ এখন সভা অনুষ্ঠিত হয়। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাত চলিত প্ৰবল বৃষ্টিপাতৰ ফলত জিলাখনত হ’ব পৰা বান দুৰ্যোগ জনিত পৰিস্থিতিৰ বাবে সকলো চক্ৰ বিষয়াকে সম্পূৰ্ণভাৱে প্ৰস্তুত হৈ থাকিবলৈ উপায়ুক্তই নিৰ্দেশ দিয়ে।

প্ৰতিটো ৰাজহ চক্ৰৰ চক্ৰবিষয়া আৰু ক্ষেত্ৰবিষয়াসকলক নিজ নিজ অঞ্চলৰ চুকে কোনে ঘূৰি সাম্ভাব্য যিকোনো দুৰ্যোগৰ পূৰ্বানুমান লৈ সুৰক্ষামূলক প্ৰচেষ্টা হাতত ল’বলৈও উপায়ুক্তগৰাকীয়ে পৰামৰ্শ আগবঢ়ায়।

উল্লেখযোগ্য যে এইবেলি সাম্ভাব্য বান দুৰ্যোগৰ মুখামুখি হোৱাৰ বাবে ইতিপূৰ্বে চাৰিখনকৈ বৈঠক অনুষ্ঠিত হৈছিল যদিও বদলিৰ সূত্ৰে জিলাখনৰ চাৰিটাকৈ ৰাজহ চক্ৰত চাৰিজন নতুন চক্ৰ বিষয়াই যোগদান কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকক পালনীয় কৰ্তব্য সমূহৰ বিষয়ে অৱগত কৰা হয়।

এইবাৰ আশ্ৰয় শিবিৰ সমূহত ক’ভিড নিয়মাৱলীৰ সঠিক পালনৰ ওপৰতো উপায়ুক্ত গৰাকীয়ে গুৰুত্ব আৰোপ কৰে। দুৰ্যোগৰ সহাৰি অতি খৰতকীয়া আৰু কাৰ্যকৰী হ’ব লাগিভ বুলি উপায়ুক্ত ভূচালে সকলোকে সঁকীয়াই দিয়ে।

সভাত জিলা উন্নয়ন আয়ুক্ত দিগন্ত দাস,  অতিৰিক্ত উপায়ুক্ত লখিমী দত্ত আৰু নৱজিৎ পাঠক, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাৰ উপৰি আটাইবোৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু ক্ষেত্ৰ বিষয়া সকল উপস্থিত থাকে।

Exit mobile version