আমেৰিকাত কৰ’নাৰ সংক্ৰমণক লৈ উদ্বেগ অব্যাহত থকাৰ সময়তে দেশখনৰ স্বাস্থ্য বিশেষজ্ঞই আন এক বিপদৰ সন্দৰ্ভত সকীয়নি দিলে।
স্বাস্থ্য বিশেষজ্ঞ শংকা অনুসৰি, এইবাৰৰ গ্ৰীষ্মত আমেৰিকাত যৌন সংক্রমণ ৰােগ (এছ টি ডি)ৰ প্রকোপ বৃদ্ধি পােৱাৰ যথেষ্ট সম্ভাৱনা আছে। ডেভিড হার্ভি নামৰ বিশেষজ্ঞ এজনে এন বি চি টিভিৰ এক সাক্ষাৎকাৰত কয়, ‘আমি ধাৰণা কৰা অনুসৰি গ্ৰীষ্মৰ কালটোত বিভিন্ন ধৰণৰ যৌন সংক্রামক ৰােগৰ প্রকোপ বৃদ্ধি পাব পাৰে।
ক’ভিডৰ পাছত এনে ধৰণৰ যৌন সংক্ৰমণৰ শংকা যথেষ্ট অধিক হৈছে। অতিমাৰীৰ পাছত মুক্ত মিলামিছা আৰম্ভ হ’লে নিশ্চিতভাৱে দেশত যৌন ৰােগৰ প্রকোপ বাঢ়িব।
ইতিমধ্যে দেশখনৰ একাংশ চিকিৎসক বিশেষজ্ঞই এই বিষয়ত সকীয়নি দি কৈছে যে যােৱা বছৰত আমেৰিকাত ক’ভিডৰ ব্যাপক সংক্রমণৰ ফলত যৌন ৰােগৰ সংখ্যা সীমিত হৈছিল, কিন্তু বর্তমানে ক’ভিডৰ প্রকোপ হ্রাস পােৱাত আমেৰিকাবাসীৰ যৌন জীৱন পূর্বৰ দৰে সক্রিয় হ’বলৈ ধৰিছে আৰু ইয়াৰ পৰিণতিত চলিত গ্রীষ্মত আমেৰিকাত যৌন ৰােগৰ প্রকোপ পুনৰ বৃদ্ধিৰ যথেষ্ট শংকা আছে।
২০২০ ফেব্ৰুৱাৰীৰ পৰা এপ্রিলৰ সময়ছােৱাত আমেৰিকাত যৌন ৰােগৰ প্রকোপ ৪০ শতাংশ হ্রাস পাইছিল। কিন্তু উক্ত বর্ষৰে জুনৰ পৰা পুনৰ যৌন ৰােগীৰ সংখ্যা বৃদ্ধি পাবলৈ লৈছিল। ক’ভিডৰ পাছত পুৰুষৰ মাজত বিভিন্ন যৌন সমস্যা সৃষ্টি হােৱা বুলিও মার্কিন গৱেষকে ইতিমধ্যে চলােৱা একাধিক অধ্যয়নত তথ্য লাভ কৰিছে।