গুৰুত্বৰ অসুস্থ উত্তৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিং, আইচিইউ-ত ভৰ্তি

kalyan singh

গুৰুত্বৰভাৱে অসুস্থ উত্তৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙক আইচিইউ-ত ভৰ্তি কৰোৱা হৈছে । সূত্ৰ অনুসৰি, ৮৯ বছৰীয়া এই ৰাজনীতিবিদজন বিগত কিছু সপ্তাহৰ পৰাই অসুস্থ হৈ আছিল । দেওবাৰে সন্ধিয়া তেওঁক লক্ষ্ণৌৰ সঞ্জয় গান্ধী প’ষ্ট গ্ৰেজুৱেট ইনষ্টিটিউট অৱ মেডিকেল ছাইন্সেচ (এছচিজিপিটিআই)ত লৈ যোৱা হয় ।

এছচিজিপিটিআই-য়ে এক লিখিত বিবৃতি জাৰি কৰি কয়, ‘হাস্পতালত ভৰ্তি কৰোৱাৰ সময়ত কল্যাণ সিঙৰ ৰক্তচাপ আৰু হৃদস্পন্দন স্বাভাৱিক আছিল । কিন্তু তেওঁ অচেতন হৈ আছিল । তেওঁৰ পূৰ্বৰ শাৰীৰিক উপসৰ্গৰ প্ৰতি লক্ষ্য ৰাখি আইচিইউ-ত ভৰ্তি কৰোৱা হৈছে ।’

চিকিৎসালয় কৰ্তৃপক্ষই লগতে জনায় যে, এই প্ৰবীণ ৰাজনীতিবিদজনৰ চিকিৎসাৰ বাবে নেফ্ৰোলজি, কাৰ্ডিঅ’লজি, নিউৰোলজি, এণ্ডোক্ৰিনোলজি আৰু নিউৰো-অটোলজিৰ বিশেষজ্ঞসকলক লৈ এটা পেনেল গঠন কৰা হৈছে । সম্প্ৰতি তেওঁলোকৰ পৰ্যৱেক্ষণতে থাকিব কল্যাণ ।

বিজেপি নেতা তথা ৰাজস্থানৰ ৰাজ্যপাল কল্যাণৰ অসুস্থতাৰ বিষয়ে জানিব পাৰি তেওঁৰ খবৰ ল’বলৈ যায় কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং, উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, ৰাজ্যখনৰ বিজেপি সভাপতি স্বতন্ত্ৰ দেৱ সিং প্ৰমুখ্যে । কল্যাণৰ দ্ৰুত আৰোগ্য কামনা কৰিছে তেওঁলোকে ।

Exit mobile version