মে’ৰ পৰা ৩৪বাৰ মূল্যবৃদ্ধি অসমত পেট্র’ল ৯৭.৪৫, ডিজেল ৯০.৭০ টকা হ’ল

fuelpetroldiesel 770x433 1

দুদিনৰ বিৰতিত পুনৰ বৃদ্ধি পালে পেট্রল আৰু ডিজেলৰ মূল্য। ৰাজ্য ভেদে পেট্র’লত ৩৫ পইচা আৰু ডিজেলত ১৮ পইচা বৃদ্ধি হয়। ইয়াৰ ফলত চলিত মাহৰ আৰম্ভণিতে দ্বিতীয়বাৰলৈ পেট্র’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি হ’ল। জুনত ১৬ বাৰ এনে বৃদ্ধি হৈছিল।

যােৱা চাৰি মে’ৰ পৰা পেট্রল আৰু ডিজেলৰ ধাৰাবাহিক মূল্যবৃদ্ধি হৈ আহিছে। তেতিয়াৰ পৰা এই পর্যন্ত ৩৪ বাৰ মূল্যবৃদ্ধি হৈছে। এনে বিৰতিহীন মূল্যবৃদ্ধিৰ ফলত পেট্রলৰ প্রতি লিটাৰত এশৰ ঘৰ স্পর্শ কৰা ৰাজ্যৰ সংখ্যাও দ্রুত গতিত বৃদ্ধি হৈছে।

তাৰ বিপৰীতে সম্পূর্ণ নীৰৱতা অৱলম্বন কৰিছে কেন্দ্রীয় চৰকাৰে। আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধি অব্যাহত থকাৰ প্ৰভাৱতে এনে হােৱা বুলি কাৰণ দৰ্শাই নিশ্ৰুপ হৈ ৰৈছে চৰকাৰ। অথচ ভাৰতত পেট্র’ল আৰু ডিজেলৰ ওপৰত আৰােপ হৈ আছে। বৃহৎ পৰিমাণৰ শুল্ক।

তাৰ পৰিণতিত ক’ভিডে সর্বদিশত জুৰুলা কৰা পৰিস্থিতিৰ মাজতে পেট্রল, ডিজেলৰ মূল্য সাধাৰণ জনতাৰ মূৰত ভূতৰ ওপৰত দানহ পৰাদি পৰিছে। অসমত ইতিমধ্যে হাইস্পীড পেট্র’লৰ মূল্যই শতকৰ ঘৰ স্পৰ্শ কৰিছে। অতি শীঘ্ৰে সাধাৰণ পেট্র’লৰ মূল্যয়াে এই সীমা স্পর্শ কৰাটো স্পষ্ট হৈ উঠিছে।

দেওবাৰে অসমত প্রতি লিটাৰ সাধাৰণ পেট্র’লৰ সৰ্বাধিক মূল্য ৯৭.৪৫ টকা।মাজুলীত এই দৰত প্রতি লিটাৰ পেট্রল বিক্রী হয়। ইয়াৰ পাছতে লখিমপুৰত সেই মূল্য ৯৭.১৪ টকা। কামৰূপ মহানগৰত দেওবাৰে প্রতি লিটাৰ বিক্রী হয় ৯৫.২৭ টকাত।

ইপিনে, ডিজেলৰ মূল্যও মাজুলীতে সর্বাধিক। দেওবাৰে জিলাখনত প্রতি লিটাৰ ডিজেলৰ মূল্য ৯০.৭০ টকা। ইয়াৰ পাছতে লখিমপুৰত মূল্য ৯০.৪৩ টকা। পশ্চিম কাৰ্বি আংলঙত মূল্য ৯০.১৫ টকা। কামৰূপ মহানগত দেওবাৰে প্রতি লিটাৰ ডিজেল বিক্রী হয় ৮৮.৮১ টকাত।

Exit mobile version