এইবাৰ নেল্লোৰবাসীৰ বাবে অক্সিজেন প্লাণ্ট পঠালে ছনু ছুডে

sonu sood 1

দেশৰ কৰ’না পৰিস্থিতিৰ মোকাবিলা পূৰ্বতকৈ উন্নত, ইয়াকে ভাবি হাত সাবতি বহি থকা নাই জনপ্ৰিয় অভিনেতা ছনু ছুডে । ইয়াৰ পূৰ্বে তেওঁ বিদেশৰ পৰা অক্সিজেন প্লাণ্ট আনিছিল দেশবাসীৰ চিকিৎসাৰ বাবে । এইবাৰ তেওঁ অক্সিজেন প্লাণ্ট প্ৰেৰণ কৰিলে অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰবাসীসকলৰ বাবে । মঙলবাৰে একাধিক প্লাণ্ট লৈ যাত্ৰা আৰম্ভ কৰে এখন ট্ৰাকে । ট্ৰাকত ছনুৰ বিশাল ফ্লেক্স ছবি লগোৱা হয় ।

দলৰ এজন সদস্যৰ মুঠোফোনত লাইভ থাকি ছনুৱে সকলো ব্যৱস্থাৰ তদাৰক কৰে ।

এই ভিডিঅ’ ছনুৱে ইনষ্টাগ্ৰামত প’ষ্ট কৰিছে । তেওঁ জনায় যে, নেল্লোবাসীসকলৰ বাবে তেওঁ এই প্লাণ্ট পঠাইছে । ইয়াৰ দ্বাৰা নেল্লোৰ চিকিৎসা সেৱা উন্নত হ’ব আৰু ৰাইজ উপকৃত হ’ব বুলি তেওঁ আশাবাদী । নেল্লোবাসীৰ উচ্ছাস দেখি উৎফুল্লিত হৈছে । আগন্তুক সময়ত তেওঁ দেশৰ অন্য ৰাজ্যসমূহতো অক্সিজেন প্লাণ্টৰ যোগান ধৰাৰ চেষ্টা কৰিব ।

ইতিমধ্যে ছনুৰ মহানুভৱতাৰ সাক্ষী সাত লক্ষৰো অধিক সামাজিক মাধ্যম ব্যৱহাৰকাৰী ।

Exit mobile version