আগন্তুক দিনত ভাৰতত অধিক মূল্যবৃদ্ধি হ’ব পাৰে পেট্ৰ’ল-ডিজেলৰ

198936 petrol diesel price photo express archieve 1200

দেশজুৰি পেট্ৰ’পণ্যৰ মূল্য‌ই সৰ্বকালৰ অভিলেখ স্থাপন কৰিলে । যোৱা মাহত প্ৰতিটো দ্বিতীয়টো দিনত ভাৰতত ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি হৈছিল । চৰকাৰী তেল বিপণন কোম্পানীসমূহৰ মতে আন্তৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ ফলত ভাৰতত পেট্ৰ’পণ্যৰ মূল্য‌ ধাৰাবাহিকভাৱে বৃদ্ধি পাই আহিছে । দেশৰ প্ৰায়বোৰ অঞ্চলত ইতিমধ্যে পেট্ৰ’লৰ মূল্য‌ই প্ৰতিলিটাৰ এশ টকাৰ সীমা অতিক্ৰম কৰিছে ।

মে’ৰ পৰা বৰ্তমানলৈকে ভাৰতত আগন্তুক সময়ত ইন্ধনজাত সামগ্ৰীৰ অধিক মূল্যবৃদ্ধিৰ সম্ভাৱনা আছে । চলিত মাহতে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য পুনৰ বৃদ্ধি পাব পাৰে । ইয়াৰ কাৰণ হিচাপে বিশেষজ্ঞসকলে কয় যে, আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধি অব্যাহত আছে আৰু আগন্তুক সময়তো খাৰুৱা তেলৰ মূল্যবৃদ্ধি পাব । কিয়নো ছৌদি আৰৱ আৰু সংযুক্ত আৰৱ বিশ্ব‌ই তেল উৎপাদনক লৈ এক সংঘাতত লিপ্ত হৈছে ।

অপেক তেলৰ উৎপাদনত নিয়ন্ত্ৰণ দাবী কৰিছে আৰু ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে সংযুক্ত আৰৱ বিশ্ব‌ই । ফলত আগন্তুক সময়ত আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধি শংকা প্ৰকট হৈছে । খাৰুৱা তেলৰ প্ৰতি বেৰলৰ মূল্য ২০১৮ৰ অক্টোবৰৰ পাছত প্ৰথমবাৰৰ বাবে ৭৭ ডলাৰৰ অধিক হৈছে ।‌আগন্তুক সময়ত খাৰুৱা তেলৰ প্ৰতি বেৰলৰ মূল্য এশ ডলাৰলৈকে বৃদ্ধি পাব পাৰে । এনে পৰিস্থিতিত ভাৰতত ইন্ধনজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি আগন্তুক সময়ত অব্যাহত থকাৰ সম্ভাৱনা আছে ।

Exit mobile version