সুস্মিতা সেনৰ কন্যা ৰেনে সেন । সম্প্ৰতি তেঁৱো অভিনয় জগতত ভৰি থৈছে । লক্ষ্যত অহাৰ লগে লগে তেওঁৰ ‘প্ৰকৃত মাতৃ’ কোন বুলি প্ৰশ্ন উত্থাপন হৈছে । সম্প্ৰতি ‘ছুট্টেবাজি’ শীৰ্ষক এখন স্বল্প দৈৰ্ঘ্যৰ ছবিত অভিনয় কৰিছে ৰেনেই । ছুট্টেবাজিৰ এক সাক্ষাৎকাৰত এই প্ৰসংগত কৈছিল সুস্মিতা কন্যাই ।
বিভিন্ন সময়ত নিজৰ জন্ম পৰিচয়ক লৈ নানান প্ৰশ্নৰ সন্মুখীন হৈ আহিছে ৰেনেই । এই সন্দৰ্ভত তেওঁ কয়, ‘ইনষ্টাগ্ৰামত মোৰ মাৰ পৰিচয় লৈ মোক প্ৰশ্ন কৰা হৈছিল । মই তেওঁলোকৰ পৰা জনিব বিচাৰিছো, প্ৰকৃত মাতৃৰ সংজ্ঞা কি ?’
২০০০ত ৰেনেক তুলি লৈছিল সুস্মিতাই । অভিনেত্ৰীগৰাকীয়ে ৰেনেক অকলশৰেই লালন-পালন কৰিছিল । ৰেনেয়েও কেতিয়াও ‘প্ৰকৃত’ অভিভাৱকক বিচৰাৰ চেষ্টা কৰা নাই । শৈশৱৰ পৰাই সুস্মিতাকেই মাতৃ হিচাপে গ্ৰহণ কৰিছে ৰেনেই । ইনষ্টাগ্ৰামত কোনো সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে তেওঁৰ জন্মদাত্ৰী মাতৃৰ বিষয়ে প্ৰশ্ন কৰোতেই এই কথা স্পষ্ট কৰি দিয়ে ৰেনেই । তেওঁ লিখে, ‘মোৰ জন্ম হৈছে মোৰ মাৰ মনত । মোৰ বাবে এইটোৱে সত্য ।’
https://www.instagram.com/p/CHkUtRyA3Yj/?utm_source=ig_embed&ig_rid=2617991b-48ed-4bf3-8926-aff0beab6496
ৰেনেৰ ১৬তম জন্মদিনত সুস্মিতাই তাইৰ প্ৰকৃত অভিভাৱকৰ সন্ধান ওলিৱাৰ প্ৰস্তাৱ দিছিল । অভিনেত্ৰীগৰাকীয়ে তেওঁৰ কন্যাক জনাইছিল, ন্যায়ালয়ত ৰেনেৰ পিতৃ-মাতৃ সম্পৰ্কে কিছু তথ্য থাকিব পাৰে, যিটো তাই ১৮ বছৰ হোৱাৰ পাছত লাভ কৰিব । কিন্তু ৰেনেই এই বিষয়ত আগ্ৰহ প্ৰকাশ নকৰে । সুস্মিতা আৰু ভগ্নী আলিছাৰ স’তেই তাইৰ পৃথিৱী ।