ছেইফ কৰিনাৰ দ্বিতীয় সন্তানৰ নাম কি ? জনালে ৰণধীৰ কাপুৰে

taimur

প্ৰথম সন্তানৰ নাম বিতৰ্কৰ পাছত অতি সাৱধান হৈ উঠিছে ছেইফ আলী খান আৰু কৰিনা কাপুৰ খান । দ্বিতীয় সন্তানৰ জন্মৰ পাঁচ মাহৰ পাছতো তাৰকা দম্পতীহালে তেওঁলোকৰ দ্বিতীয় সন্তানৰ নাম প্ৰকাশ কৰা নাই।

তথ্য অনুসৰি ছেইফ আৰু কৰিনাৰ কাপুৰৰ কনিষ্ঠ পুত্ৰৰ নাম ‘জে’। কৰিনাৰ পিতৃ অভিনেতা ৰণধীৰ কাপুৰে নিজেই প্ৰকাশ কৰিছে । মুম্বাইৰ এখন বাতৰি কাকতক দিয়া সাক্ষাৎকাৰত তেওঁ কয়, “কৰিনা আৰু ছেইফৰ সৰু পুত্ৰৰ নাম জে ৰখা হৈছে।নামটো প্ৰায় এসপ্তাহ আগতে ঠিক কৰা হৈছে ।” যদিও কৰিনা বা ছেইফে এই বিষয়ে একো কোৱা নাই।

২১ ফেব্ৰুৱাৰীত কৰিনাৰ দ্বিতীয় সন্তানৰ জন্ম দিছিল। জন্মৰ পৰাই সামাজিক মাধ্যম ব্যৱহাৰকাৰী আৰু পাপাৰাজ্জিৰ কেমেৰাৰ দৃষ্টিৰ পৰা আঁতৰাই ৰাখিছে তাৰকা দম্পতিহালে ।

কৰিনাই তেওঁৰ কনিষ্ঠ পুত্ৰৰ ফটো অনুৰাগীসকলৰ স’তে একাধিক বাৰ শ্বেয়াৰ কৰিছে। কিন্তু তেওঁৰ মুখখন কোনো সময়তে প্ৰকাশ কৰা হোৱা নাই।

যোৱা এপ্ৰিল মাহত সামাজিক মাধ্যমত এখন ফটো দিছিলে ৰণধীৰ কাপুৰে।লগতে দুখন ফটোৰ এটা কোলাজ। দুটা নৱজাতক। বাওঁফালে স্পষ্ট হৈছে টাইমুৰৰ শৈশৱৰ ছবি। সোঁফালে আন এটা শিশু। সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে অনুমান কৰিছিল যে অন্য সন্তানটো কৰিনাৰ দ্বিতীয় সন্তান । কিন্তু ৰণধীৰে তাৰ অলপ পাছতে ছবিখন আঁতৰাই পেলাইছিল। কিন্তু এইবাৰ অভিনেতাজনে নিজেই তেওঁৰ নাতিৰ নাম প্ৰকাশ কৰিছিল।

Exit mobile version