‘বিং হিউমেন’ৰ বিৰুদ্ধে জালিয়াতিৰ অভিযােগ, ছলমানলৈ চমন আৰক্ষীৰ

358199 7355372 updates

বলিউডৰ মহাৰকা অভিনেতা ছলমান খানৰ স্বেচ্ছাসেৱী সংস্থা ‘বিং হিউমেন’ৰ বিৰুদ্ধে গুৰুতৰ অভিযােগ উত্থাপিত হল। ইমানদিনে অসংখ্য লােকৰ হিতার্থে কাম-কাজ কৰি অহা স্বেচ্ছাসেৱী সংস্থাটোৰ বিৰুদ্ধে অৰুণ গুপ্ত নামৰ এজন ব্যৱসায়ীয়ে জালিয়াতিৰ অভিযােগ উত্থাপন কৰিলে।

গুপ্তই অভিযােগ কৰা অনুসৰি, ২০১৮ত তেওঁ ছলমানৰ ‘বিং হিউমেন’ জুৱেলাৰীৰ এটা ষ্ট’ৰ খুলিছিল আৰু ইয়াৰ বাবদ দুই-তিনি লাখ টকা ব্যয় কৰিছিল। সেই সময়ত সংস্থাটোৱে সকলাে ধৰণৰ সহায় আগবঢ়োৱাৰ প্রতিশ্রুতি দিয়াৰ লগতে স্বয়ং ছলমানে উক্ত শ্ব’ ৰূম মুকলি কৰিব বুলিও আশ্বাস দিছিল।

কিন্তু দুবছৰ পাৰ হােৱাৰ পাছতাে ‘বিং হিউমেন’-এ এই প্রতিশ্রুতি পূৰণ নকৰাত ২০২০ত গুপ্তই শ্ব’ ৰূম বন্ধ কৰিবলৈ বাধ্য হয়। ইয়াৰ পাছতে আৰক্ষীৰ দ্বাৰস্থ হৈ গুপ্তই ছলমানৰ লগতে তেওঁৰ ভগ্নী আলভিসহ ছজন ব্যক্তিৰ বিৰুদ্ধে গােচৰ তৰে। এই গােচৰতে ছয় ব্যক্তিসহ ছলমানলৈ চমন জাৰি কৰিলে চণ্ডীগড় আৰক্ষীয়ে।

Exit mobile version