প্ৰধানমন্ত্ৰী মোদীয়ে ‘পদ্ম’ সন্মান প্ৰাপক মনোনয়নৰ দায়িত্ব প্ৰদান কৰিলে সাধাৰণ জনতাক

1623918602 8217

বিৰল কৃতিত্বৰ বাবে নাগৰিকসকলক ‘পদ্ম’ সন্মান প্ৰদান কৰাৰ প্ৰথা ৬৭ বছৰ পূৰ্বে আৰম্ভ কৰা হৈছিল । এইবাৰ সেই সম্ভাব্য সন্মান প্ৰাপকসকলক মনোনয়নৰ দায়িত্ব অৰ্পণ কৰা হৈছে সাধাৰণ জনতাক ।

ADVERTISEMENT

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে পদ্ম সন্মানৰ বাবে প্ৰাৰ্থী মনোনয়নৰ আহ্বান জনায় দেশবাসীক । তেওঁ টুইট কৰে, ‘বহু প্ৰতিভাৱান মানুহ আছে ভাৰতত । যিসকলে তৃণমূল স্তৰত ব্যতিক্ৰমী কাম কৰে । বহু ক্ষেত্ৰতে তেওঁলোক সকলোৰে অগোচৰত থাকি যায় । কোনো তেওঁলোকৰ বিষয়ে গম নাপায় । এই অনুপ্ৰেৰণাদায়ক লোকসকলক আপোনালোকে চিনি পায় নেকি ? যদি আপুনি তেনে কোনো ব্যক্তিক চিনি পায় তেন্তে টুইট কৰক ‘পিপলছ্‌পদ্ম’ এই হেছটেগ দি । ১৫ ছেপ্টেম্বৰৰ ভিতৰত তেওঁলোকৰ নাম জনাব পাৰিব ‘padmaawards.gov.in’ত ।’

প্ৰধানমন্ত্ৰী সচিবালয়ৰ সূত্ৰ অনুসৰি, কোনো ব্যক্তিয়ে নিজকো এই সন্মানৰ বাবে মনোনয়ন কৰিব পাৰে ।

স্বাধীনতা লাভ কৰাৰ পাছত ১৯৫৪ৰ পৰা দেশৰ নাগৰিকসকলৰ বাবে দুটা সৰ্বোচ্চ অসামৰিক পুৰষ্কাৰ আৰম্ভ কৰা হয় । এই দুটা হৈছে ‘ভাৰতৰত্ন’ আৰু ‘পদ্ম’ সন্মান । পৰৱৰ্তী সময়ত এই পদ্ম সন্মানক তিনিটা ভাগত বিভক্ত কৰা হয় । পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী । প্ৰতি বছৰে ২৬ জানুৱাৰীত এই সন্মান প্ৰাপকসকলক ৰাষ্ট্ৰপতিয়ে পদক আৰু মানপত্ৰ প্ৰদান কৰে । ইমানদিনে এই সন্মান কাক প্ৰদান কৰা হ’ব সেয়া মনোনয়ন কৰাৰ অধিকাৰ জনসাধাৰণৰ হাতত নাছিল ।

মোদী চৰকাৰ ক্ষমতাত অহাৰ পাছত এই বিষয়ে কিছু সুকীয়াভাৱে ভাবিবলৈ লয় । মমোনয়নৰ দায়িত্ব সাধাৰণ জনতাক দিয়াৰ সিদ্ধান্ত লয় । সেই পৰিপ্ৰেক্ষিততে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়েও অনলাইনত এই সন্মানৰ বাবে মনোনয়নৰ আহ্বান জনায় দেশবাসীক ।

Exit mobile version