এইবাৰ উত্তৰাখণ্ডত নিজৰ শক্তি বিস্তাৰ কৰিবৰ বাবে তৎপৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টি (আপ) । সেয়ে নিৰ্বাচনৰ পূৰ্বে কে’বা দফাৰ প্ৰতিশ্ৰুতিও ঘোষণা কৰিলে মুখ্যমন্ত্ৰী কেজৰিৱালে ।
পঞ্জাৱৰ পাছত এইবাৰ উত্তৰাখণ্ডত বিদ্যুৎ বিনামূলীয়া কৰাৰ প্ৰতিশ্ৰুতি দিলে মুখ্যমন্ত্ৰী কেজৰিৱালে । উত্তৰাখণ্ডত আপ ক্ষমতাত আহিলে ৰাজ্যবাসীক তিনিশ ইউনিট বিদ্যুৎ বিনামূল্যে দিয়া হ’ব । কৃষকসকলক বিনামূলীয়া বিদ্যুতৰ লগতে, পুৰণা বিল প্ৰত্যাহাৰ আৰু ২৪ ঘণ্টা বিদ্যুৎ সৰবৰাহৰো প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে । এয়া ভোট পাবৰ বাবে দিয়া মিচা প্ৰতিশ্ৰুতি নহয় বুলিও দাবী কৰে মুখ্যমন্ত্ৰী কেজৰিৱালে । তেওঁ কয়, ‘এইবোৰ ৰাজনৈতিক উৰাবাতৰি নহয় ।’
২০২২ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব উত্তৰাখণ্ডত । ৰাজনৈতিক মহলৰ মতে, যিদৰে পঞ্জাৱত তিনিশ ইউনিট বিদ্যুৎ বিনামূলীয়া কৰাৰ কথা ঘোষণা কৰিছে, ঠিক সেইদৰেই প্ৰতিশ্ৰুতি দি আপ-ৰ ভেঁটি শক্তিশালী কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী কেজৰিৱালে । শনিবাৰে মুখ্যমন্ত্ৰীগৰকীয়ে উত্তৰাখণ্ড চৰকাৰক বিদ্যুতৰ মূল্য লৈ প্ৰশ্ন কৰে ।
মুখ্যমন্ত্ৰী কেজৰিৱালে টুইটত কয়, ‘উত্তৰাখণ্ডে বিদ্যুৎ উৎপাদন কৰে আৰু অন্য ৰাজ্যত বিক্ৰী কৰে । তেন্তে বিদ্যুতৰ মূল্য ইমান বেছি কিয় ? দিল্লীয়ে অন্য ৰাজ্যৰ পৰা বিদ্যুৎ ক্ৰয় কৰে । কিন্তু ইয়াৰ পাছতো নাগৰিকসকলক বিনামূলীয়া বিদ্যুৎ দিয়ে আপ চৰকাৰে । উত্তৰাখণ্ডৰ মানুহে কিয় বিনামূলীয়া বিদ্যুৎ নাপাব ।’