শীৰ্ষ ন্যায়ালয়ত মুখ ঠেকেছা খালে অলিয়ে, দুই দিনৰ ভিতৰত দেওবাক প্ৰধানমন্ত্ৰী পদত নিযুক্ত কৰাৰ নিৰ্দেশ

swarajya 2021 01 d2acd20f 2032 43b3 9425 b3fd200e2da7 thumb

উচ্চতম ন্যায়ালয়ৰ ৰায়ত মুখ ঠেকেচা খালে নেপালৰ প্ৰধানমন্ত্ৰী কে পি অলিয়ে । আগন্তুক দুই দিনৰ ভিতৰত নেপালী কংগ্ৰেছৰ সভাপতি ছেৰ বাহাদুৰ দেওবাক প্ৰধানমন্ত্ৰী পদত নিয়োগ কৰাৰ নিৰ্দেশ দিলে শীৰ্ষ ন্যায়ালয়ে । আস্থাভোটত পৰাজিত হৈ সংসদৰ নিম্নকক্ষত সংখ্যাগৰিষ্ঠতা হেৰুৱাইছিল অলি চৰকাৰে । সোমবাৰে ভাঙি দিয়া সংসদৰ নিম্নকক্ষৰ পুনৰ্বাহালৰ নিৰ্দেশ দিলে ন্যায়ালয়ে ।

আস্থাভোটৰ পাছত যোৱা ২২ মে’ত প্ৰধানমন্ত্ৰীৰ নিৰ্দেশমৰ্মে সংসদৰ ২৭৫ সদস্যৰ নিম্নকক্ষ ভংগ কৰে নেপালৰ ৰাষ্ট্ৰপতি বিদ্যাদেৱী ভাণ্ডাৰীয়ে । লগতে আগন্তুক ১২ আৰু ১৯ নৱেম্বৰ অন্তৰ্বৰ্তী নিৰ্বাচনৰ দিন ঘোষণা কৰিছিল তেওঁ । ৰাষ্ট্ৰপতিৰ এই সিদ্ধান্তৰ বিৰুদ্ধে শীৰ্ষ ন্যায়ালয়ত ৩০টা হলফনামা দাখিল কৰা হয় । ইয়াৰ ভিতৰত এটা হলফনামা দাখিল কৰিছিল নেপালী কংগ্ৰেছৰ নেতৃত্বাধীন বিৰোধী জোঁটে ।

Exit mobile version