ধতুৰা ফুল শিৱ পূজাৰ সামগ্ৰী হিচাপে সকলােৰে পৰিচিত। লগতে ইয়াৰ কিছুমান এনে গুণ আছে যিয়ে আমাৰ দেহৰ ৰােগ নিৰাময় কৰাত সহায় কৰে৷জানো আহক ইয়াৰ কিছু গুণাগুণ
★ ধতুৰাৰ পাত ডালসহ শুকুৱাই গুৰি কৰি ইয়াৰ ধোঁৱা বিড়ি আকাৰত দিনে দুবাৰকৈ সেৱন কৰিলে কাহ ভাল হয়।
★শৰীৰৰ কোনাে অংশ বিষত ফুলি উঠিলে ধতুৰা গছৰ শিপা খুন্দি তাত অলপ ক’লা নিমখ মিহলাই সেই লেপন দুই-তিনি ঘন্টা দি ৰাখিলে সকাশ পােৱা যায়।
★ ধতুৰাৰ পাত খুন্দি তাৰ ৰস চুলিত লগাই দুই-তিনি ঘন্টা ৰাখি পাছত পানীৰে ধুই দিলে চুলি সৰা সমস্যা নােহােৱা হয়।
★ ধতুৰাৰ পাত খুন্দি ইয়াৰ লেপন টকৌয়ে খােৱা অংশত লগাই চাৰি-পাঁচ ঘন্টা ৰাখিলে এই সমস্যা নােহােৱা হয়।
★ ধতুৰাৰ পাত আৰু কোমল গুটি পিচি তাতে অলপ নাৰিকল তেল মিহলাই এই লেপন বেচু হােৱা অংশত লগাই তিনি-চাৰি ঘন্টা ৰাখি ধুই দিলে এই সমস্যা নােহােৱা হয়। এইদৰে আপােনালােকে ইয়াৰ ব্যৱহাৰ কৰক আৰু সুফল লাভ কৰক।