পৰীক্ষামূলক উৎক্ষেপণৰ সময়ত ভাঙি পৰিল ভাৰতৰ ব্ৰহ্মছ ক্ষেপণাস্ত্ৰ

BrahMos ER 600x330 1

পৰীক্ষামূলক উৎক্ষেপণৰ সময়ত ভাঙি পৰিল ভাৰতৰ অত্যন্ত শক্তিশালী ‘ব্ৰহ্মছ’ ক্ষেপণাস্ত্ৰ । উৰিষ্যাৰ বালেশ্বৰৰ পৰা পৰীক্ষামূলক উৎক্ষেপণৰ পাছতেই সোমবাৰে ভাঙি যায় । এইটো ভাৰতৰ ছুপাৰছ’নিক ক্ষেপণাস্ত্ৰ । পৰীক্ষামন্ত্ৰণালয়ৰ সূত্ৰ অনুসৰি ।

ব্ৰহ্মছৰ আটাইতকৈ বেছি শক্তিশালী ক্ষেপণাস্ত্ৰৰেই পৰীক্ষামূলক উৎক্ষেপণ কৰা হৈছিল । ক্ষেপণাস্ত্ৰটোৱে ৪৫০ কিলোমিটাৰ দূৰত্বৰ কোনো লক্ষ্যবস্তুক আঘাত হানিব পাৰে ।

প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ সূত্ৰ অনুসৰি, ‘সোমবাৰে বালেশ্বৰৰ সমুদ্ৰ উপকূলৰ পৰা উৎক্ষেপণৰ পাছতেই ব্ৰহ্মছ ভাঙি পৰে । কিয় এই দুৰ্ঘটনা সংঘটিত হ’ল এই পৰ্যন্ত জানিব পৰা নাই । কাৰণ, অনুসন্ধানৰ বাবে ব্ৰহ্মছ এৰ’স্পেছ ক’ৰ্প’ৰেছন আৰু প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ’)ৰ বৈজ্ঞানিকসকলৰ স’তে এটা বিশেষজ্ঞ দল গঠন কৰা হৈছে । তেওঁলোকেই ব্ৰহ্মছৰ ভঙাৰ কাৰণ তদন্ত কৰিব ।’

ইয়াৰ পূৰ্বেও ব্ৰহ্মছৰ পৰীক্ষামূলক উৎক্ষেপণ কৰা হৈছিল । কিন্তু ইয়াৰ পূৰ্বে উৎক্ষেপণৰ সময়ত ব্ৰহ্মছ ভাঙি পৰাৰ ঘটনা সংঘটিত হোৱা নাই বুলি জনাইছে প্ৰতিৰক্ষামন্ত্ৰণালয়ে । অনুমান কৰা হৈছে যে, ক্ষেপণাস্ত্ৰৰ প্ৰ’পালচন ব্যৱস্থাত কোনো ত্ৰুটি থাকি যোৱাৰ বাবেই এনে দুৰ্ঘটনা সংঘটিত হৈছে । অৱশ্যে এইটোৱে সঠিক কাৰণ নে অন্য কোনো কাৰণ আছে সেইটো নিশ্চিত নহয়।

ইয়াৰ পূৰ্বে ছুপাৰছ’নিক ক্ৰুজ ক্ষেপণাস্ত্ৰ ব্ৰহ্মছৰ তিনিশ কিলোমিটাৰ দূৰত্ব পৰ্যন্ত পৰীক্ষামূলক উৎক্ষেপণ কৰা হৈছিল । ভাৰত আৰু ৰাছিয়াৰ দুখন নদী ব্ৰহ্মপুত্ৰ আৰু মস্কোভাৰ নামেৰে ব্ৰহ্মছ নামকৰণ কৰা হৈছে ।

Exit mobile version