দক্ষিণ চীন সাগৰত চীনৰ অধিকাৰৰ দাবী প্রত্যাখ্যান কৰিলে আমেৰিকাই

564843d4 e2bf 11eb 9aba 1b7e08262541 image hires 193302

আমেৰিকাই আকৌ এবাৰ দক্ষিণ চীন সাগৰত চীনৰ আধিপত্যৰ দাবী অস্বীকাৰ কৰিলে। আমেৰিকাই চীনৰ দক্ষিণ চীন সাগৰ নীতিত সম্পূৰ্ণৰূপে অবৈধ বুলিও অভিহিত কৰে।

আমেৰিকাৰ বৈদেশিক মন্ত্রী এন্টনি ব্লিংকনে স্পষ্টভাৱে কয় যে দক্ষিণ চীন সাগৰ প্ৰসংগত আমেৰিকাই চীনৰ আধিপত্যৰ তীব্ৰ বিৰােধিতা কৰা দক্ষিণ এছিয়াৰ দেশসমূহক সমর্থন জনায়।

এছ’চিয়েচন অৱ ছাউথ ইষ্ট এছিয়ান নেচনছ (আছিয়ান)ৰ সদস্য ৰাষ্ট্ৰ বৈদেশিক মন্ত্রীৰ এখন ভাচুৱেল বৈঠকত অংশ লােৱাৰ সময়ত মার্কিন বৈদেশিক মন্ত্রীজনে দক্ষিণ চীন সাগৰত চীনৰ একাধিপত্যৰ তীব্র বিৰােধিতা কৰে।

উল্লেখ্য যে আমেৰিকাৰ লগতে দক্ষিণ এছিয়াৰ কে’বাখনাে দেশে দক্ষিণ চীন সাগৰত চীনে গ্ৰহণ কৰা আধিপত্যমূলক আৰু আগ্রাসী নীতিৰ তীব্র বিৰােধিতা কৰি আহিছে।

দক্ষিণ চীন সাগৰত চীনৰ আধিপত্যৰ প্রসংগত মার্কিন বৈদেশিক মন্ত্রীয়ে আছিয়ানৰ ভাচুৱেল বৈঠকত স্পষ্টভাৱে কয় যে সমুদ্রত চীনে চলাব বিচৰা আগ্রাসনক আমেৰিকাই কেতিয়াও সমর্থন নিদিয়ে।

Exit mobile version