মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰে ৰাজ্যখন দুৰ্নীতি মুক্ত কৰা যে অসাৰ প্ৰতিপন্ন কৰিলে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ দুৰ্নীতিয়ে । এনে এক দীৰ্ঘদিনীয়া অভিযোগ উত্থাপন হৈছে বৰপেটা জিলাৰ পাকাবেতবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ৪৪ নং পশ্চিম পাকা গাঁও পঞ্চায়তৰ বিৰুদ্ধে ।
প্ৰাপ্ত অভিযোগ অনুসৰি উক্ত গাঁও পঞ্চায়তৰ সভাপতি-সচিবে আৰু তেওঁলোকৰ সাংগোপাংগুক লৈ কেৰুণাৰে ধন ঘটাত উঠি পৰি লাগিছে । ৰাইজৰ পৰা পোৱা তথ্য অনুসৰি মৰিচা পথাৰ কৱৰস্থানৰ জানাজা গৃহৰ বাবে আৱণ্টিত চতুৰ্থদশ বিত্তীয় আয়োগৰ ২০১৬-১৭ বৰ্ষৰ দ্বিতীয় কিস্তিৰ এক লাখ ৭০ হেজাৰ টকাৰ মাত্র ২০-২২ হেজাৰ টকা ব্যয় কৰিয়ে বাকীখিনি আত্মসাৎ কৰিছে বুলি অভিযোগত প্ৰকাশ ।
আনহাতে, ২০১৭-১৮ বৰ্ষৰ বাবে মৰিচা পাথাৰৰ মিলন বজাৰ মছজিদৰ বাউণ্ডাৰী ৱাল নিৰ্মাণৰ নামত আৱণ্টিত এক লাখ ৫০ হেজাৰ টকাৰ প্ৰায় ৪০ হেজাৰ টকাৰ কাম কৰি বাকী টকা আত্মসাৎ কৰিছে । তদ্ৰুপ ২০১৮-১৯ বৰ্ষৰ মৰিচা পাথাৰৰ মিলন বজাৰৰ মাৰ্কেট শ্বেড নিৰ্মাণৰ নামত আৱণ্টিত চাৰি লাখ টকাৰ একো কাম নকৰাকৈ সমুদায় ধন সভাপতি, সচিব আৰু নিৰ্মাণ কমিটিয়ে উদৰস্থ কৰিছে । এনেদৰে চতুৰ্থদশ বিত্তীয় আয়োগৰ ২০১৬-১৭, ২০১৭-১৮ আৰু২০১৮-১৯ বৰ্ষৰ প্ৰায় ৭২ টা আঁচনিৰ কামৰ সিংহভাগ সভাপতি, সচিব, নিৰ্মাণ কমিটি আৰু গাঁও পঞ্চায়তৰ সদস্য সদস্যাই আত্মসাৎ কৰিছে বুলি অভিযোগ উঠিছে ।
উক্ত দুৰ্নীতিৰ বিৰুদ্ধে জামাল উদ্দিনে পশ্চিম পাকা গাঁও পঞ্চায়তৰ সভাপতি, সচিব আৰু সদস্য-সদস্যা, নিৰ্মাণ কমিটিৰ সভাপতিৰ বিৰুদ্ধে ২০২০ৰ আঠ ডিচেম্বৰত বৰপেটা সদৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৪২০/৪০৬/৪০৯ ধাৰাৰ ২৫৯০/২০২০ নম্বৰত গোচৰ ৰুজু কৰিছে যদিও সেইয়াও ফুটুকাৰ ফেনত পৰিণত হৈছে । সেয়ে ৰাইজে গাঁও পঞ্চায়তখনৰ পৰ্বতসম দুৰ্নীতিৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ ন্যায়িক তদন্ত সাপেক্ষে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।