অসমত নতুন ভাষা নীতি প্ৰৱৰ্তনৰ উদ্দেশ্যে যাৱতীয় প্ৰস্তুতিৰে অগ্ৰসৰ হৈছে ৰাজ্য চৰকাৰ । অসম বিধানসভাত এই তথ্য সদৰী কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে । । তেওঁ কয় যে প্ৰচলিত সকলো ভাষাক জীয়াই ৰখাই হ’ল এই নীতিৰ মূল লক্ষ্য ।
প্ৰক্ৰিয়াটো আৰম্ভ কৰা সন্দৰ্ভত ডাঃ পেগুৱে কয়, ‘কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নতুন ভাষা নীতি অনুসৰি কথিত ভাষাতো পাঠ্যপুথিত প্ৰণয়ন কৰি নিম্ন প্ৰাথমিক পৰ্যায়ত শিকোৱা হ’ব । ইয়াৰ ফলত ভাষাতো সুৰক্ষিত হোৱাৰ লগতে এই ভাষা কোৱা ছাত্ৰ-ছাত্ৰীসকলেও পাঠ্যপুথিৰ বিষয় সহজে বুজিব পাৰিব । আমি যদি ছাদ্ৰী ভাষাতে পাঠ্যপুথি প্ৰস্তুত কৰি ছাত্ৰ-ছাত্ৰীসকলক শিকাওঁ তাৰ ফলত তেওঁলোকে বুজাতো সহজ হ’ব আৰু ভাষাটোও ৰক্ষা হ’ব ।
ইতিমধ্যে প্ৰথম পদক্ষেপ হিচাপে ছাদ্ৰী ভাষাত পাঠ্যপুথি প্ৰস্তুত কৰা হৈছে । যদি বাগিচাৰ বাহিৰৰ আৰু ছাদ্ৰী ভাষা নোকোৱা কোনোৱে ভাষাটো শিকিব বিচাৰে তাত বাধা দিয়াৰ কথা নাহে । ইচ্ছা কৰিলে ছাত্ৰ-ছাত্ৰীয়ে যিকোনো ভাষা শিকিব পাৰিব । অৱশ্যে উচ্চ প্ৰাথমিকৰ পৰা তেনে পাঠ্যক্ৰম নাথাকিব যদিও ভাষাটো পঢ়াৰ অন্য ধৰণে সুযোগ থাকিব ।’
চলিত বৰ্ষতে তিৱা ভাষাৰ পাঠ্যপুথিও এই ভাষাৰ প্ৰচলন থকা প্ৰাথমিক বিদ্যালয়ত বিতৰণৰ লক্ষ্য লোৱা হৈছে বুলি শিক্ষামন্ত্ৰীয়ে জনায় । পেগুৱে কয়, ‘যিসমূহ প্ৰাথমিক বিদ্যালয়ত ৫১ শতাংশ তিৱা ছাত্ৰ-ছাত্ৰী আছে সেইবোৰত পৰ্যায়ক্ৰমে তৃতীয় আৰু চতুৰ্থ শ্ৰেণীত বিষয় হিচাপে তিৱা ভাষা প্ৰৱৰ্তন কৰা হ’ব । ইয়াৰ বাবে ৰোমান লিপি ব্যবহাৰ কৰা হ’ব ।’
উল্লেখ্য যে তিৱা ভাষা প্ৰৱৰ্তনৰ বিষয়টো বিধানসভাৰ প্ৰশ্নোত্তৰ কাৰ্যসূচীত উত্থাপন কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে । কথিত ভাষাত পাঠ্যপুথি প্ৰণয়নৰ ক্ষেত্ৰত পৰিপূৰক এক প্ৰশ্নত জনিয়াৰ বিধায়ক ৰকিবুল ইছলামে দেশী, গোৱালপৰীয়া, বৰপেটীয়া ভাষাটো পাঠ্যপুথি প্ৰণয়নৰ পৰামৰ্শ আগবঢ়ায় ।






























