সেৰফানগুৰী আদৰ্শ চিকিৎসালয়ৰ পৰা কৰ’না ৰোগী পলাই থকা অৱস্থাত হাব্ৰুবাৰীত আটক

WhatsApp Image 2021 07 17 at 6.41.11 PM

কোকৰাঝাৰ জিলাৰ অধিন সেৰফানগুৰী আদৰ্শ চিকিৎসালয়ত থকা কৰ’না ৰোগী এজন চিকিৎসালয়ৰ পৰা পলাই থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰি আটক কৰে। প্ৰাপ্ত বাতৰি অনুসৰি আজি ৰাতিপুৱা তুলসীবিল অঞ্চলৰ এগৰাকী মহিলা বিগত কেইবাদিনৰ পৰা সেৰফানগুৰী আদৰ্শ চিকিৎসালয়ত থকা কভিড কেয়াৰ চেন্টাৰৰ পৰা পলাবলৈ ধৰে।

সেৰফানগুৰী ক’ভিড কেয়াৰ চেন্টাৰৰ পৰা দুই কিলোমিটাৰ মান মটৰ চাইকেলেৰে এজন যুৱকৰ স’তে গৈ থকা অৱস্থাত হাব্ৰুবাৰী নামৰ ঠাইত একাংশ স্থানীয় যুৱকে আটক কৰি পুনৰ ক’ভিড কেয়াৰ চেন্টাৰলৈ প্ৰেৰণ কৰে মহিলাগৰাকী ।

যি সময়ত ক’ভিড মহামাৰীক নিয়ন্ত্রণ কৰিবৰ বাবে চৰকাৰে কঠোৰ পদক্ষেপ গ্রহণ কৰিছে তেনেসময়ত একাংশ দায়িত্ব কাণ্ডহীন লোকৰ বাবেই ক’ভিড অতিমাৰী ভয়ানক ৰূপ ধাৰণ কৰিছে বুলি সচেতন মহলে ধাৰণা কৰিছে।

উল্লেখ যে ইয়াৰ আগেও সেৰফানগুৰী ক’ভিড কেয়াৰ চেন্টাৰৰ পৰা ক’ভিডৰোগী পলায়ন কৰাৰ বাতৰি পোৱা গৈছে। সেৰফানগুৰী ক’ভিড কেয়াৰ চেন্টাৰত এনেকৈ ক’ভিডৰোগী পলায়ন কৰা কাৰ্য্যই চিকিৎসালয়খনত নিৰাপত্তাৰ দায়িত্বত থকা লোকসকলৰ ওপৰত সন্দেহ ওপজে।

Exit mobile version