প্ৰতিষেধক গ্ৰহণ কৰি ক’ভিডত আক্রান্ত হৈ দেশত মৃত্যু হৈছে ০.৪ শতাংশ

covid 1200 copy

দেশত ক’ভিড টিকাকৰণ কৰাৰ পাছত যিসকল ক’ভিডত সংক্ৰমিত হৈছে লোকসকলৰ ভিতৰত মাত্ৰ ০.৪ শতাংশ লোকৰ মৃত্যু হৈছে। সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে প্ৰায় ১০ শতাংশ লোকক । শেহতীয়া এক সমীক্ষাত এনে তথ্য উদ্ভৱ হৈছে।

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (আইচিএমআৰ) এগৰাকী ক’ভিড বিশেষজ্ঞ নিবেদিতা ঘোষৰ নেতৃত্বত গৱেষকৰ এটা দলে এই অধ্যয়নটো পৰিচালনা কৰিছিল।

প্ৰতিবেদন অনুসৰি, ভেকচিন লৈ ক’ভিডত সংক্ৰমিত হোৱাৰ লোকৰ পৰা মুঠ ৬৭৭ জন লোকৰ নমুনা সংগ্ৰহ কৰি এই সমীক্ষা কৰা হৈছে। তেওঁলোকৰ মাজত ৮৬ শতাংশই কৰ’না ডেল্টা ৰূপত আক্ৰান্ত হৈছে । বিশেষজ্ঞসকলে কয় যে প্ৰতিবেদনখনে এইটো স্পষ্ট কৰে যে টিকাকৰণ কৰাৰ পাছতো সংক্ৰমিত খুব কম লোক গুৰুতৰভাৱে অসুস্থ হৈছে। তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হোৱা নাই।

দেশত ক’ভিড টিকাকৰণ আৰম্ভ হোৱাৰ পাছৰে পৰা ক’ভিড বিশেষজ্ঞসকলে এই মন্তব্যৰ ওপৰত অটল হৈ আছে। এইবাৰ তাৰ প্ৰমাণ পোৱা গ’ল। তেওঁলোকে কয় যে, টিকাকৰণ হৈছে দেশৰ ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ একমাত্ৰ উপায়।

Exit mobile version