অলিম্পিকত সম্প্ৰতি কৰ’না আক্ৰান্তৰ সংখ্যা ৬৭

2021 7largeimg 778978843

আইপিএল, ইয়ৰো কাপ, কোপা আমেৰিকা, ফৰাচী অ’পেন, উইম্বলডনৰ পাছত এইবাৰ টকিঅ’ অলিম্পিক । ক্ৰীড়া জগতৰ দৃষ্টি এতিয়া অলিম্পিকতে । বাকী সকলো প্ৰতিযোগিতাৰ তুলনাত বহুগুণে বিশাল অলিম্পিক । সমগ্ৰ বিশ্বৰ যিমান ক্ৰীড়াবিদক এই প্ৰতিযোগিতাত অংশ লোৱা দেখা যায়, সেয়া অন্য প্ৰতিযোগিতাত দেখা নাযায় । ক’ভিড পৰিস্থিতিৰ বাবে বিগত বৰ্ষত অলিম্পিক আয়োজন কৰা নহয় । এইবাৰ আয়োজন কৰা হৈছে যদিও কৰ’নাৰ পৰা ৰক্ষা পাব পৰা নাই । এথলিটসকলো আক্ৰান্ত হৈছে ।

অলিম্পিকৰ গেমছ ভিলেজত শনিবাৰে প্ৰথম কৰ’না আক্ৰান্তৰ কথা জনায় কৰ্তৃপক্ষই । মঙলবাৰে এই সংখ্যা ৬৭ জনলৈ বৃদ্ধি পাইছে । লণ্ডনৰ কিংছ মহাবিদ্যালয়ৰ জনস্বাস্থ্য বিষয়ৰ প্ৰধান কেঞ্জী শিবুৱাই কয়, ‘এইটো স্বাভাৱিক যে জৈৱ সুৰক্ষা বলয় ভাঙি গৈছে । কিন্তু জাপানৰ সাধাৰণ জনতাৰ মাজত সংক্ৰামণ বিয়পাৰ সম্ভাৱনাই মোক অধিক চিন্তিত কৰিছে । যাতে ভিলেজত থকা সংক্ৰমিতসকলৰ পৰা স্থানীয় মানুহৰ মাজত ভাইৰাছ সংক্ৰমণ নহয় ।’

শিবুৱাৰ মতে, জাপানত সোমোৱাৰ পূৰ্বে সকলোৰে সঠিককৈ পৰীক্ষণ কৰা হোৱা নাই । অলিম্পিকৰ স’তে জড়িত বিশাল সংখ্যক মানুহক নি‌য়ন্ত্ৰণ কৰাও কঠিন বুলি মানি লৈছে শিবুৱাই । অলিম্পিক কমিটীৰ প্ৰধান থমাছ বাকে বিগত সপ্তাহত কৈছিল, পৰীক্ষণ আৰু কোৱাৰেণ্টাইনে অলিম্পিকক কৰ’না মুক্ত কৰি ৰাখিব । শিবুৱাৰ মতে, এনেধৰণৰ মন্তব্য‌ই মানুহক অধিক ক্ৰুদ্ধ কৰিব, কাৰণ বাস্তৱৰ স’তে ইয়াৰ কোনো মিল নাই ।

শনিবাৰে টকিঅ’ত কৰ’না আক্ৰান্তৰ সংখ্যা আছিল ১,৪১০ জন । বিগত তিনি মাহতে ই সৰ্বোচ্চ । অলিম্পিক আৰম্ভ হোৱাৰ তিনিদিন পূৰ্বে ই অত্যন্ত উদ্বেগজনক । বিশেষজ্ঞসকলৰ অনুসৰি, এমাহৰ ভিতৰত টকিঅ’ত দৈনিক আক্ৰান্তৰ সংখ্যা এহেজাৰ অতিক্ৰম কৰিব পাৰে । যিয়ে চহৰখনৰ স্বাস্থ্য ব্যৱস্থাক জুৰুলা কৰি পেলাব ।

জাপানৰ মাত্ৰ ৩৩ শতাংশ মানুহে ক’ভিড প্ৰতিষেধকৰ প্ৰথম পালি লাভ কৰিছে । বিশ্বৰ টিকাকৰণত পিছ পৰি থকা দেশসমূহৰ ভিতৰত অন্যতম জাপান । বিগত মাহত টিকাকৰণৰ হাৰ বৃদ্ধি পাইছিল যদিও, ই এতিয়া পুনৰ নিম্নগামী ।

অলিম্পিকৰ স’তে জড়িত একাধিক ব্যক্তিৰ ক’ভিড সংক্ৰমণে চিন্তা বৃদ্ধি কৰিছে । শুকুৰবাৰৰ পৰা খেল আৰম্ভ হ’লে উদ্বেগ আৰু বৃদ্ধি পাব বুলি মত পোষণ কৰে বিশেষজ্ঞসকলে ।

Exit mobile version