কলগাছিয়াত অলট’-মটৰছাইকেলৰ মুখামুখি সংঘৰ্ষ

Screenshot 20210723 211347 com.huawei.himovie.overseas

কলগাছিয়াৰ শওঁপুৰত ভয়ংকৰ দুৰ্ঘটনা । কলগাছিয়াৰ শওঁপুৰত আজি AS-17E6195 নম্বৰৰ অলট’ আৰু AS-15P1467 নম্বৰৰ মটৰছাইকেলৰ মুখামুখি সংঘৰ্ষ হৈ এই দূৰ্ঘটনা সংঘটিত হয়।

পশ্চিম দিশৰ পৰা পূৱ দিশে গৈ থকা অলট’ গাৰী খনে অভাৰ টেক কৰিবলৈ গৈ তীব্ৰবেগী মটৰছাইকেলৰ লগত খুন্দা মাৰি দিয়ে।

অলট’ৰ যাত্ৰী সকল আঘাত প্ৰাপ্ত হোৱাত কলগাছিয়াৰ আৰক্ষী আৰু ৰাইজৰ সহযোগত বৰপেটা অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে, মটৰছাইকেলৰ চালক জনক বৰপেটা ফখৰুদ্দিন আলী আহমেদে মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে। সম্প্ৰতি আৰক্ষী ঘটনাস্থলিত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

Exit mobile version