কিন্নৌৰত ভূমিস্খলন, ব’ল্ডাৰৰ খুন্দাত সেতু ভাঙি মৃত্যু প্ৰায় নজন পৰ্যটকৰ

pull

হিমাচল প্ৰদেশৰ কিন্নৌৰত ভয়াবহ ভূমিস্খলনৰ ফলত মৃত্যু প্ৰায় নজন পৰ্যটকৰ । তিনিজন আহত । আহতসকলক স্থানীয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে ।

কিন্নৌৰৰ আৰক্ষী ছুপাৰ ৰাজু ৰাম ৰানাই কয়, ‘মৃত আৰু আহতসকল প্ৰত্যেকেই পৰ্যটক । ভূমিস্খলনৰ সময়ত তেওঁলোক সেতুৰ কাষত গাড়ীত আছিল । তাতেই খুন্দা খায় ব’ল্ডাৰবোৰ । আহতসকলক লগালগ উদ্ধাৰ কৰি হাস্পতালত লৈ যোৱা হয় । ব’ল্ডাৰৰ খুন্দাত বাতছেৰি সেতু সম্পূৰ্ণ ভাঙি পৰিছে ।’

এই ঘটনাৰ এটি ভিডিঅ’ সামাজিক মাধ্যমত প্ৰকাশ পাইছে । ভিডিঅ’টোত দেখা গৈছে, পাহাৰৰ ওপৰৰ পৰা অসংখ্য বৃহৎ বৃহৎ ব’ল্ডাৰ বাগৰি পৰিছে । সেইবোৰে তলত আহি এটা সেতুত খুন্দা মাৰে । লগতে সেতুৰ কাষত থকা গাড়ীবোৰতো খুন্দিয়ায় । ঘটনাস্থলীৰ পৰা সকলোকে পলায়ন কৰা দেখা যায় ।

Exit mobile version