- বিশিষ্ট শিক্ষাবিদ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড০ নিৰু হাজৰিকাৰ দেহাৱসান ।
- দেওবাৰে পুৱতি নিশা ৩.৪৫ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত পৰলোকপ্ৰাপ্তি ঘটে নতুন দিল্লীৰ ICSSRৰ প্ৰাক্তন সদস্য গৰাকীৰ ।
- ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল।
- প্ৰায় তিনি দশক গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক হিচাপে সেৱা আগবঢ়াইছিল ড• হাজৰিকাই ।
- ড০ হাজৰিকা D.Litt ডিগ্ৰী লাভ কৰা উত্তৰ-পূবৰ প্ৰথমগৰাকী মহিলা আছিল।
- তেওঁৰ তত্ত্বাৱধানত প্ৰায় ৭০জনৰো অধিক ছাত্ৰই পিএইচডি ডিগ্ৰী লাভ কৰিছে।
- হিতেশ্বৰ শইকীয়া চৰকাৰৰ কাৰ্যকালত ড০ হাজৰিকাই ৰাজনৈতিক উপদেষ্টা পদত কাৰ্যনিৰ্বাহ কৰিছিল।
ADVERTISEMENT