দেশৰ আটাইতকৈ কম এণ্টিবডী কেৰালাত, সংক্ৰমণ ৰোধ কৰিবলৈ শনি-দেওবাৰে সম্পূৰ্ণ তলাবন্ধৰ সিদ্ধান্ত

Kozhikode EPS1234

কৰ’না সংক্ৰমণে উদ্বেগ বৃদ্ধি কৰিছে কেৰালাত । বিগত কিছুদিন ধৰি আক্ৰান্তৰ শীৰ্ষত দক্ষিণৰ এই ৰাজ্য । কাউন্সিল অৱ মেডিকেল ৰিচাৰ্ছ (আইচিএম‌আৰ)ৰ ছেৰ’ ছাৰ্ভে অনুসৰি, দেশত আটাইতকৈ কম এণ্টিবডী তৈয়াৰ হৈছে কেৰালাত । পৰীক্ষণৰ এই ফলাফলে চিন্তাত পেলাইছে বিশেষজ্ঞসকলক । সেয়ে সংক্ৰমণ ৰোধ কৰিবৰ বাবে শনি আৰু দেওবাৰে সম্পূৰ্ণ তলাবন্ধৰ সিদ্ধান্ত লৈছে কেৰালাৰ পিনৰাই বিজয়ন চৰকাৰে । পৰিস্থিতি পৰ্যৱেক্ষণ কৰিবলৈ কেৰালাত কেন্দ্ৰীয় প্ৰতিনিধি দল যাব ।

কৰ’নাৰ দ্বিতীয় ঢৌৰ প্ৰভাৱত সংক্ৰমণ বৃদ্ধি পোৱা ৰাজ্যসমূহৰ ভিতৰত কেৰালা অন্যতম । বিগত ২৪ ঘণ্টাত দক্ষিণৰ ৰাজ্যখনত ২২ হেজাৰ ১২৯ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হয়, যি দেশৰ দৈনিক আক্ৰান্তৰ প্ৰায় ৫১ শতাংশ । সংক্ৰমণৰ হাৰ ক্ৰমাগত বৃদ্ধি পাইছে । দুদিনীয়া সম্পূৰ্ণ তলাবন্ধ‌ই সংক্ৰমণ সামান্য হ’লেও হ্ৰাস পেলাব বুলি বিশেষজ্ঞসকলৰ ধাৰণা । পৰিস্থিতিৰ পৰ্যালোচনা কৰিবৰ বাবে কেৰালাত কেন্দ্ৰীয় দল প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰ‌ই ।

এই প্ৰসংগত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডব্য‌ই কয়, ‘কেৰালাত সংক্ৰমণ বৃদ্ধি পাইছে । তাত কেন্দ্ৰীয় দল যাব । তেওঁলোকে সম্পূৰ্ণ পৰিস্থিতি পৰ্যৱেক্ষণ কৰি প্ৰতিবেদন জমা দিব । আমি পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিছো ।’

১৪ জুনৰ পৰা ছয় জুলাই পৰ্যন্ত দেশৰ ১১ খন জিলাত ছেৰ’ ছাৰ্ভে চলাইছে আইচিএম‌আৰে । ছাৰ্ভেত পোৱা গৈছে, কেৰালাত এণ্টিবডীৰ পৰিমাণ মাত্ৰ ৪৪.৪ শতাংশ । আনহাতে, আটাইতকৈ বেছি এণ্টিবডী পোৱা গৈছে মধ্যপ্ৰদেশত । ৰাজ্যখনত এণ্টিবডীৰ পৰিমাণ ৭৯ শতাংশ । অন্যান্য ৰাজ্যসমূহত এণ্টিবডীৰ পৰিমাণ ৰাজস্থানত (৭৬.২), বিহাৰ (৭৫.৯), গুজৰাত (৭৫.৩), উত্তৰাখণ্ড (৭৩.১), উত্তৰপ্ৰদেশ (৭১), আৰু অন্ধ্ৰপ্ৰদেশত (৭০.২) ৭০ শতাংশতকৈ বেছি ।

Exit mobile version