অসমৰ ৰাইজক মিজোৰাম যাত্রা নকৰিবলৈ জাননী

মিজোৰামৰ পৰা অসমত প্রৱেশ কৰা প্ৰতিখন বাহনত তালাচীৰ নিদের্শ গৃহ বিভাগৰ

119597024 gettyimages 1227110406 594x594 1

অসম-মিজোৰাম সীমান্তত উত্তেজনাৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰৰ গৃহ বিভাগে একাধিক জাননী তথা নির্দেশ জাৰি কৰিছে। এই মর্মে ৰাজ্যৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিব এম এছ মণিভানানে এক জাননীত উল্লেখ কৰে যে অসম আৰু মিজোৰাম আৰক্ষীৰ শেহতীয়া সংঘর্ষ আৰু এই অঞ্চলৰ আন্তঃৰাজ্যিক সীমান্ত উত্তেজনাপূর্ণ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ আৰু কাছাৰ জিলাৰ উপায়ুক্ত তথা গুৱাহাটীৰ আৰক্ষী আয়ুক্ত আৰু কাছাৰৰ আৰক্ষী অধীক্ষকক গুৱাহাটী আৰু শিলচৰৰ মিজোৰাম হাউছত থকা মিজোৰামৰ লােকসকলৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ নির্দেশ দিয়া হৈছে।

তেওঁ জাননীত নির্দেশ দিয়ে যে সকলাে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে নিজ নিজ অধীনস্থ অঞ্চলৰ মিজোসকলৰ সুৰক্ষা-নিৰাপত্তা সুনিশ্চিত কৰিব লাগিব। তদুপৰি এক নির্দেশত কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিত অসম-মিজোৰাম সীমান্তত সংঘটিত হিংসাত্মক সংঘৰ্ষৰ বিষয়ে উল্লেখ কৰি কোৱা হয় যে এই জিলাকেইখনৰ সীমান্তত শেহতীয়াভাৱে একাধিক হিংসাত্মক ঘটনা ঘটি আছে।

অতি শেহতীয়াকৈ যােৱা ২৬ জুলাইত কাছাৰত সংঘটিত ঘটনাৰ কথা উল্লেখ কৰি এই নির্দেশত কোৱা হৈছে যে ছজনকৈ অসমৰ আৰক্ষী নিহত হােৱাৰ ঘটনাৰ পাছতাে মিজো নাগৰিক সমাজ, ছাত্র-ছাত্রী আৰু যুৱ সংগঠনসমূহে ধাৰাবাহিকভাৱে অসম আৰু ইয়াৰ ৰাইজৰ বিৰুদ্ধে প্ৰৰােচনামূলক ভাষ্য প্রকাশ কৰি আহিছে।

জাননীত উল্লেখ যে অসম আৰক্ষীৰ লােকে লাভ কৰা ভিডিঅ’ ফুটেজ অনুসৰি, বহু নাগৰিকৰ হাতত স্বয়ংক্রিয় গধুৰ মাৰণাস্ত্ৰ আছিল। এই পৰিস্থিতিত যাতায়াতৰ ক্ষেত্ৰত গৃহ বিভাগে অসমৰ ৰাইজৰ বাবে কিছু নির্দেশনা জাৰি কৰিছে।

নির্দেশত কোৱা হৈছে যে জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমৰ মানুহক মিজোৰামলৈ যাত্রা নকৰিবলৈ বাৰণ কৰা হৈছে। কিয়নাে এই ক্ষেত্ৰত অসমৰ মানুহৰ ব্যক্তিগত নিৰাপত্তাৰ প্রতি ভাবুকি কোনাে কাৰণতে গ্রহণযােগ্য নহ’ব। তদুপৰি কামৰ বাধ্যবাধকতাৰ বাবে মিজোৰামত বসবাস কৰা অসমৰ লােকসকলক সর্বাধিক সাৱধানতা অৱলম্বন কৰিবলৈ গৃহ বিভাগে জাননীত কয়।

সর্বাধিক ড্ৰাগছ সৰবৰাহ মিজোৰাম সীমান্তৰে

আন এক নির্দেশত অসম চৰকাৰৰ গৃহ বিভাগে প্রকাশ কৰে যে দুমাহৰ ভিতৰত ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে ৯১২ টা গােচৰ ৰুজু কৰা হৈছে, ১৫৬০ জন লােকক গ্রেপ্তাৰ কৰা হৈছে আৰু ২০.৬৭৮ কিলাে হেৰ’ইন, ১৫ কিলাে আফিং আৰু ১.৯ কিলাে মৰফিনকে ধৰি বৃহৎ পৰিমাণৰ অবৈধ ড্রাগছ জব্দ কৰা হৈছে।

গৃহ বিভাগৰ নিৰ্দেশত প্ৰকাশ যে ড্রাগছ বিৰােধী অভিযানত প্রাপ্ত তথ্য অনুসৰি অধিকাংশ ড্ৰাগছ সৰবৰাহ হৈছিল মিজোৰাম হৈ অসমৰ মাজেৰে। এইদৰে মিজোৰাম হৈ অবৈধ ড্রাগছৰ সৰবৰাহ এক বৃহৎ উদ্বেগৰ বিষয় আৰু সমাজৰ প্রতি এক বৃহৎ ভাবুকি বুলি অসম চৰকাৰৰ গৃহ বিভাগৰ নিৰ্দেশত কোৱা হৈছে।

সেয়েহে মিজোৰামৰ পৰা অসমত প্ৰৱেশ কৰা প্ৰতিখন বাহন পৰীক্ষা কৰাটো প্রয়ােজনীয়। এনে প্রতিখন। বাহনৰ অসম-মিজোৰাম সীমান্তৰ প্রৱেশ পইণ্টত আৰক্ষীয়ে সম্পূর্ণভাৱে তালাচী কৰিব লাগিব।

উপ-আৰক্ষী পৰিদৰ্শক (এছ আই) অথবা ইয়াৰ ওপৰৰ পৰ্যায়ৰ বিষয়াই এই বাহনসমূহত অবৈধ ড্রাগছ কঢ়িওৱা হােৱা নাই বুলি সন্তুষ্ট হলেহে।বাহনসমূহ মুকলি কৰি দিয়া হ’ব।

Exit mobile version