বৃহৎ অগ্ৰগতি : অসম-নাগালেণ্ডৰ শান্তি চুক্তি স্বাক্ষৰ

সীমান্তৰ পৰা সেনা প্ৰত্যাহাৰ দুয়ো ৰাজ্য‌ৰ

nagaassam 571 855

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে নাগালেণ্ডৰ স’তে ৰাজ্যৰ সীমান্তৰ বিবাদ সমাপ্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । তেওঁ জনায় যে সীমান্তৰ পৰা ৰাজ্যৰ সেনাবাহিনী প্ৰত্যাহাৰ কৰাৰ বাবে এটা চুক্তি স্বাক্ষৰ কৰা হৈছে ।

মুখ্যমন্ত্ৰী ড° শৰ্মাই টুইটাৰত লিখে, ‘অসম-নাগালেণ্ডৰ উত্তেজনা হ্ৰাস কৰিবৰ বাবে এক বৃহৎ অগ্ৰগতি । দুয়োখন ৰাজ্যৰ মুখ্যসচিবে শীঘ্ৰে সীমান্তৰ পৰা সেনা প্ৰত্যাহাৰ কৰি, নিজ নিজ বেছ কেম্পত যাবৰ বাবে এটা চুক্তি স্বাক্ষৰ কৰিছে ।’

সীমান্তৱৰ্তী জংঘলত তৈয়াৰ কৰা ঘৰবোৰ ভাঙি দিয়া হ’ব বুলিও সিদ্ধান্ত গ্ৰহণ কৰে দুয়ো ৰাজ্য‌ই । সীমান্ত সংলগ্ন অঞ্চলসমূহত যৌথ পহৰাদাৰী কৰিব পাৰিব, কিন্তু ড্ৰ’নৰ জৰিয়তে । অসম বন বিভাগে আগৰ দৰেই নিজস্ব অঞ্চলত দৃষ্টি ৰাখিব ।

অসম আৰু নাগালেণ্ডে ৫১২ বৰ্গকিলোমিটাৰৰ সীমা ভাগ কৰে । ১৯৬৩ত নাগালেণ্ড পৃথক ৰাজ্য হোৱাৰ পাছৰে পৰা দুয়োখন ৰাজ্যৰ সীমা বিবাদ হৈ আহিছে । এই বিবাদৰ নিষ্পত্তি কৰিবৰ বাবেই আজি দুয়োখন ৰাজ্য‌ই শান্তি চুক্তি স্বাক্ষৰ কৰে ।

Exit mobile version