দেশৰ ছাত্র-ছাত্রীসকলে এতিয়াৰে পৰা নিজৰ ইচ্ছা অনুসৰি স্নাতক পাঠ্যক্ৰমত বিষয় অধ্যয়ন কৰিব পাৰিব।বিশ্ববিদ্যালয় অনুদান আয়ােগ (ইউ জি চি)-এ ছাত্র-ছাত্রীয়ে যাতে একে সময়তে নিজৰ পচন্দ অনুসৰি বিভিন্ন বিষয় পৃথক পৃথক বিশ্ববিদ্যালয় বা কলেজত অধ্যয়ন কৰিব পাৰে, তাৰ বাবে একাডেমিক বেংক অৱ ক্রেডিট (এ বি চি) নীতি প্রস্তুত কৰিলে।
এ বি চি গঠনৰ বাবে ৰাষ্ট্ৰীয় শিক্ষানীতিত পৰামর্শ দিয়া হৈছিল আৰু এই পৰামর্শ অনুসৰি ইউ জি চিয়ে ক্রেডিট বেংক গঠন কৰিলে।
এই ব্যৱস্থা প্ৰৱৰ্তিত হােৱাৰ লগে লগে পৰম্পৰাগত স্নাতক পাঠ্যক্রম অর্থাৎ এখন বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ত নির্দিষ্ট বিষয়ৰ স’তে স্নাতক পাঠ্যক্রম অধ্যয়নৰ ধাৰণাটো সলনি হ’ব।
ইয়াৰ পৰিৱর্তে এ বি চি ৰ অধীনত ছাত্র-ছাত্রীয়ে নিজৰ পচন্দৰ বিষয়ৰ স’তে একাধিক বিশেষীকৰণসহ স্নাতক পাঠ্যক্রম একে সময়তে একাধিক বিশ্ববিদ্যালয় বা মহাবিদ্যালয়ত অধ্যয়ন কৰিব পাৰিব।
যিদৰে বিত্তীয় কাম-কাজৰ বাবে বেংকৰ ব্যৱস্থা আছে, একেদৰে শৈক্ষিক কাম-কাজৰ দৰে এ বি চি’ ব্যৱস্থা থাকিব। ‘এ বি চি’ৰ গ্রাহক হ’ব ছাত্ৰ-ছাত্ৰীসকল।
ছাত্র-ছাত্রীয়ে ক্রেডিট ভেৰিফিকেচন, ক্রেডিট ট্রান্সফাৰ, একাডেমী এৱাৰ্ডসহ বিভিন্ন ধৰণৰ সেৱা ‘এ বি চি’ৰ জৰিয়তে লাভ কৰিব। এ বি চি’ এক অনলাইন ষ্ট’ৰ হাউছ হ’ব আৰু ইয়াক উচ্চ শিক্ষা প্রতিষ্ঠানৰ সকলাে শৈক্ষিক ক্রেডিট ডেটাবেছ উপলব্ধ হ’ব।
ইউ জি চিয়ে প্রকাশ কৰা অনুসৰি, নেচনেল একাডেমিক ডিপ’জিট’ৰী (এন এ ডি)ৰ দৰে ‘এ বি চি’য়ে কাম কৰিব। ইয়াত ছাত্র-ছাত্ৰীৰ শৈক্ষিক তথ্যপাতি সংৰক্ষণ কৰি ৰখা হ’ব আৰু ই এটা ৱেবছাইটৰ দৰে কাম কৰিব।