এইচ-১বি ভিছাৰ বাবে লটাৰী আমেৰিকাত, ভাৰতীয়সকলৰ সুযোগ বৃদ্ধি হোৱাৰ সম্ভাৱনা

oyeaustin usa h1b visa

এইচ-১বি ভিছাৰ বাবে পুনৰ লটাৰী প্ৰক্ৰিয়া আৰম্ভ হ’ল আমেৰিকাত । সেই দেশৰ নাগৰিকত্ব আৰু অভিবাসী বিষয়ক কাৰ্যালয়ৰ (ইউনাইটেড ষ্টেটছ চিটিজেনশ্বিপ এণ্ড ইমিগ্ৰেছন ছাৰ্ভিছেছ বা ইউএছচিআইএছ) তত্বাৱধানত আৰম্ভ হৈছে এই কাৰ্যসূচী । বিদেশী কৰ্মীসকলক অস্থায়ীভাৱে আমেৰিকাত কাম কৰাৰ সুযোগ দিয়াৰ বাবেই এই পদক্ষেপ লোৱা হৈছে বুলি জনায় ইউএছচিআইএছে ।

যোৱা ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি পদত নিযুক্ত হোৱাৰ পাছত জ’ বাইডেনে তেওঁৰ পূৰ্বসূৰী ড’নাল্ড ট্ৰাম্পৰ ভিছা নীতি সলনি কৰাৰ কথা ঘোষণা কৰিছিল । এইবাৰ সেই নীতি অনুসৰণ কৰিয়ে আৰম্ভ হৈছে লটাৰী প্ৰক্ৰিয়া । ইয়াৰ ফলত আমেৰিকাত তথ্যপ্ৰযুক্তিসহ বিভিন্ন ক্ষেত্ৰত ভাৰতীয়ৰ কামৰ সুযোগ বাঢ়িব বুলি ধাৰণা কৰা হৈছে । এইটো বিদেশী নাগৰিকসকলক আমেৰিকাত কামৰ সুযোগ দিয়াৰ দ্বিতীয় লটাৰী হ’ব ।

ইউএছচিআইএছে জনাইছে, ২৮ জুলাই পৰ্যন্ত লাভ কৰা এইচ-১বি ভিছাৰ আবেদনসমূহ প্ৰাথমিকভাৱে বাচনি কৰা হৈছে । দুই আগষ্টৰ পৰা আৰম্ভ হ’ব লটাৰীৰ মাধ্যমে দ্বিতীয় পৰ্যায়ৰ বাচনি । এই বাচনি প্ৰক্ৰিয়া তিনি নৱেম্বৰ পৰ্যন্ত অব্যাহত থাকিব ।

বিগত বৰ্ষত এইচ-১বি ভিছা নীতিৰ পৰিৱৰ্তনৰ প্ৰস্তাৱ দিছিল আমেৰিকাৰ ‘ডিপাৰ্টমেণ্ট অৱ হোমলেণ্ড ছিকিউৰিটী’য়ে । তৎকালীন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে লটাৰী নীতি বাতিলৰ কথা ঘোষণা কৰিছিল । যুক্তি দিয়া হৈছিল যে, কৰ্প’ৰেট সংস্থাবোৰে কম বেতনত বৈদেশিক কৰ্মী নিয়োগ কৰাৰ বাবে আমেৰিকাৰ নাগৰিকসকলে কৰ্মক্ষেত্ৰত যথেষ্ট সুযোগ লাভ কৰা নাই । সেয়ে বিদেশৰ পৰা কৰ্মী নিয়োগ কৰাৰ সময়ত এইবাৰ দক্ষতা আৰু বেতন কাঠামোক অগ্ৰাধিকাৰ দিব লাগিব ।

কিন্তু বাইডেনে ৰাষ্ট্ৰপতি হোৱাৰ পাছতে ট্ৰাম্পৰ এই সিদ্ধান্ত বাতিল কৰা কথা ঘোষণা কৰে । প্ৰসংগত, প্ৰতি বছৰে আমেৰিকাত এইচ-১বি ভিছা প্ৰাপকসকলৰ ভিতৰত ৭০ শতাংশৰো অধিক ভাৰতীয় থাকে ।

Exit mobile version